পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ ৮ জন সদস্যৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সোমবাৰে পৰিয়ালটোৱে কোনো আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত শ্বাংলা জিলাত পথ দুৰ্ঘটনাত পতিত হয়।
শ্বাংলা জিলা আৰক্ষী বিষয়া ইমৰাণ খানে জনোৱা মতে, এই পথ দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু ৩টা শিশু। মৃতদেহকেইটা আলপুৰীৰ জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, পথ দুৰ্ঘটনাত পৰিয়ালটোৰ ৭ জন সদস্যৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ লৈ যোৱাৰ পথত এটা শিশুৰ মৃত্যু হয়।
উল্লেখ্য যে, দেওবাৰে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত সংঘটিত পথ দুৰ্ঘটনাত মহিলা আৰু শিশুসহ এটা পৰিয়ালৰ ১৩ জন সদস্যৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক আহত হৈছিল।
লাহোৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগৰ মুজাফৰঘৰ জিলাত এখন যাত্ৰীবাহী ভ্যান আৰু এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা।