পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বুধবাৰে তীব্ৰ বেগেৰে গৈ থকা এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত মহিলা আৰু শিশুসহ কমেও ২৮ জন লোকৰ মৃত্যু হয়।
বাছখন তুৰৱটৰ পৰা কুৱেটালৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৱাশ্বুক চহৰৰ সমীপৰ খাৱৈত বাগৰি পৰে বাছখন।
তথ্য অনুসৰি তীব্ৰ বেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। আনহাতে উদ্ধাৰকাৰী বিষয়াৰ উদ্ধৃতি দি আন এটা সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে যাত্ৰীবাহী বাছখনৰ টায়াৰ ফাটি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
এই দুৰ্ঘটনাত ২৮ জন লোকৰ মৃত্যু হয়। আহত হোৱা প্ৰায় ২২ জন লোকক বাছিমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে, বিধ্বস্ত পথ তথা যাতায়ত নিয়ম উলংঘাৰ বাবেই পাকিস্তানত সঘনাই এইধৰণৰ ভয়ানক দুৰ্ঘটনা সংঘটিত হৈ আহিছে।