উত্তৰ প্ৰদেশৰ চান্দৌলীত অখিলেশ যাদৱৰ নিৰ্বাচনী সভাত নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক হঠাতে অসুস্থ হৈ পৰে। লগে লগে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে উপ-পৰিদৰ্শকজনক মৃত বুলি ঘোষণা কৰে।
জানিব পৰা অনুসৰি, উপ পৰিদৰ্শকজন পূৰ্বৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল, যাৰ বাবে তেওঁ ইয়াৰ চিকিৎসাও গ্ৰহণ কৰি আছিল। কিন্তু কৰ্তব্যৰত অৱস্থাত পোৱা অত্যধিক গৰমৰ বাবে তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে।
উল্লেখযোগ্য যে ২৭ মে’ত চান্দৌলীৰ মহেন্দ্ৰ প’লিটেকনিক মহাবিদ্যালয় খেলপথাৰত অখিলেশ যাদৱৰ নিৰ্বাচনী ৰাজহুৱা সভা আছিল। এই নিৰ্বাচনী সমাৱেশত নিৰাপত্তাৰ ব্যৱস্থা বজাই ৰাখিবলৈ শ শ আৰক্ষী বাহিনী আৰু জোৱান নিয়োগ কৰা হৈছিল।
চান্দৌলীৰ চকৰঘাট থানাৰ উপ-পৰিদৰ্শক শিৱধানী যাদৱকো তেওঁলোকৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। উপ-পৰিদৰ্শক শিৱধানীক মূল গেটত কৰ্তব্যৰ দায়িত্ব দিয়া হৈছিল।
তথ্য অনুসৰি, প্ৰচণ্ড সূৰ্য্যৰ পোহৰৰ বাবে শিৱধানী যাদৱ হঠাতে মূৰ ঘূৰোৱা অনুভৱ কৰি মাটিত পৰি যায়। ওচৰতে উপস্থিত থকা সহায়কাৰী আৰক্ষী জোৱান সকলে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। য’ত প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁক বাৰাণসীৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু বাৰাণসীৰ ট্ৰমা চেণ্টাৰত চিকিৎসাৰ সময়ত মৃত্যু হয় শিৱধানীৰ।