মহানগৰীৰ পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ পানিখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

মহানগৰীৰ লতাশিলৰ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে।

মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি পৰিয়াল লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে।

মৃত যুৱকজনৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি পিতৃ দুলেন নাথে আজি এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, দেওবাৰে নাৰেঙ্গী, পাঠৰকুঁৱাৰীৰ ১০জন যুৱকে ফুৰিবলৈ পানিখাইতিৰ তামোলবাৰী অঞ্চললৈ যায়।

ব্ৰহ্মপুত্ৰৰ পাৰত যুৱককেইজনে সুৰাপান কৰি নদীত গা ধুবলৈ নামে। গা ধুই থকা অৱস্থাত অৰ্জুন নাথ আৰু চিন্ময় পাঠক নামৰ দুই যুৱক পানীত সন্ধানহীন হৈ পৰে।

আৰক্ষী আৰু SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰত অভিযান চলাই এদিন পিছত চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু অৰ্জুন পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

শেহতীয়াকৈ লতাশিলৰ ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা অৱস্থাত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত যুৱকজন অৰ্জুন নাথ বুলি পৰিয়ালে চিনাক্ত কৰাত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

মৃত অৰ্জুন নাথৰ মূৰত চুলি নোহোৱাৰ লগতে মুখ মণ্ডল আৰু বুকুত আঘাতৰ চিন থকা বুলি অভিযোগ কৰি পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

ঘটনা সন্দৰ্ভত পিতৃ দুলেণ নাথে পুত্ৰ অৰ্জুন নাথৰ মৃত্যুৰ ৰহস্য উৎঘাটন কৰিবলৈ পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

Comments (0)
Add Comment