মনত সাহস, উৎসাহ আৰু দৃঢ়তা থাকিলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আমাৰ সকলোৰে জীৱনত অভাৱ-অভিযোগ আছে, কিন্তু যিসকলে নিজৰ সমস্যাক আওকান কৰি আগবাঢ়িব পাৰে তেন্তে সেই ব্যক্তিজন নিশ্চয় এদিন ইতিহাস সৃষ্টি কৰি আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰে।
উগাণ্ডাৰ ক্ৰিকেটাৰ জুমা মিয়াগীয়েও সমাজৰ আগত দাঙি ধৰিছে এইধৰণৰ উদাহৰণ। উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ ওলাইছে উগাণ্ডাৰ দলটোৱে।
জুমা মিয়াগীও বলাৰ হিচাপে এই দলৰ অংশ হ’ব যদিও এই স্থানত উপনীত হ’বলৈ তেওঁৰ যাত্ৰা ইমান সহজ নাছিল। মাত্ৰ ২১ বছৰ বয়সতে এই কৃতিত্ব অৰ্জন কৰি আনৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে মিয়াগী।
উগাণ্ডাৰ ৰাজধানী কাম্পালাত প্ৰায় ৬০ শতাংশ জনসংখ্যা বস্তিত বাস কৰে আৰু বেগী বলাৰ জুমা মিয়াগীও ইয়াৰ অংশ। মিয়াগী কম্পালাৰ নাগুৰু বস্তিত ডাঙৰ-দীঘল হৈছিল আৰু এতিয়াও তাতেই পৰিয়ালৰ সৈতে থাকে।
তেওঁলোকৰ অঞ্চলত বিশুদ্ধ খোৱাপানী আৰু নলা-নৰ্দমাৰ ব্যৱস্থা নাই। আনকি স্বাস্থ্যৰ কোনো সুবিধাও নাই যদিও মিয়াগীয়ে নিজৰ মনোবল আৰু দৃঢ়তাৰ বাবে এই বস্তিৰ পৰা ওলাই আহি উগাণ্ডাৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ খেলিবলৈ সক্ষম হৈছিল।
নিজৰ প্ৰতিভা তথা কিবা এটা কৰাৰ দৃঢ়তাৰ বাবেই এইবাৰ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত হ’বলগীয়া টি-২০ বিশ্বকাপত উগাণ্ডাৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে মিয়াগীয়ে।