নিৰ্বাচনী কৰ্তব্যলৈ যোৱা ৯ জন লোকৰ মৃত্যু, কেইবাজনৰো অৱস্থা সংকটজনক

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত নিৰ্বাচনী কৰ্তব্যৰত ৯ জন কৰ্মচাৰীৰ মৃত্যু হয়। তীব্ৰ গৰম আৰু হিট ৱেভৰ বাবে নিৰ্বাচনী কৰ্তব্যত থকা ৬ গৰাকী হোমগাৰ্ড, এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, এগৰাকী কনচলিডেচন অফিচাৰ আৰু ১ গৰাকী স্বাস্থ্য বিভাগৰ বিষয়াৰ মৃত্যু হয়।

ইফালে ১৫ জন হোম গাৰ্ডক হাস্পতালত ভৰ্তি কৰা হৈছে, য’ত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁলোকৰ চিকিৎসা চলি আছে।

উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটদানৰ বাবে বিভিন্ন জিলাৰ পৰা গৃহৰক্ষী জোৱানসকল নিৰ্বাচনী কৰ্তব্যৰ বাবে আহিছিল।

এগৰাকী বিষয়াই জানিব দিয়া অনুসৰি মৃত্যু হোৱা লোকসকল পূৰ্বৰে পৰা কোনো কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। কিছুমানৰ ৰক্তচাপ, কিছুমানৰ হৃদযন্ত্ৰৰ সমস্যা আৰু একাংশৰ আন কিছু ৰোগ আছিল। বৰ্তমান দুজন জোৱানৰ অৱস্থা সংকটজনক।

Comments (0)
Add Comment