পুনৰবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা ছেত্ৰীৰ

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। প্ৰতিভাৱান ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেটৰ তিনিওটা ফৰ্মেট অৰ্থাত এদিনীয়া, টি-২০ আৰু টেষ্ট দলত স্থান লাভ কৰিছে।

মুম্বাইত ছেত্ৰীয়ে দলত যোগদান কৰাৰ লগে লগে এই খবৰ নিশ্চিত হয়।

১৬ জুনৰ পৰা ৯ জুলাইলৈ আৰম্ভ হ’বলগীয়া তিনিওটা শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোক আদৰিবলৈ সাজু হৈছে ভাৰত।

উল্লেখ্য যে, প্ৰায় এটা দশকৰ পিছত দুয়োখন দেশৰ মহিলা দল দুটাই টেষ্ট ক্ৰিকেটত মুখামুখি হ’ব।

দক্ষিণ আপ্ৰিকাৰ বিৰুদ্ধে ভাৰতে এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব। বেংগালুৰুত এদিনীয়া আৰু চেন্নাইত একমাত্ৰ টেষ্ট মেচখন আৰু টি-২০ শৃংখলাটো অনুষ্ঠিত হ’ব।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাই শেষবাৰৰ বাবে টেষ্টত মুখামুখি হৈছিল ২০১৪ চনৰ নৱেম্বৰ মাহত।

Comments (0)
Add Comment