টি-২০ বিশ্বকাপৰ পিছতেই ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যকাল অন্ত পৰিব ৰাহুল দ্ৰাবিড়ৰ। বি চি চি আইয়ে ইতিমধ্যেই এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
পৰৱৰ্তী বাৰতীয় মুখ্য প্ৰশিক্ষকৰ প্ৰথম পচন্দৰ শীৰ্ষত আছে গৌতম গম্ভীৰ। সদ্য সমাপ্ত আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰাত বিশেষ ভূমিকা পালন কৰিছিল গম্ভীৰে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাগৰাকীয়ে মেণ্টৰ হিচাপে কাম কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছ দলত।
গম্ভীৰে ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলত দুটা ছিজনৰ বাবে মেণ্টৰৰ দায়িত্ব পালন কৰিছিল।
গম্ভীৰৰ উপৰি বিচিচিআইয়ে অষ্ট্ৰেলিয়াৰ এজন প্ৰাক্তন খেলুৱৈৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি বিবেচনাত আছে ষ্টিফেন ফ্লেমিং আৰু এণ্ডি ফ্লাৱাৰ দৰে বিদেশী প্ৰশিক্ষক। কিন্তু প্ৰশিক্ষক পদৰ প্ৰথম প্ৰচণ্ড গম্ভীৰ।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি দ্ৰাবিড়ৰ ঠাইত গম্ভীৰ ভাৰতীয় দলত যোগদান কৰিবলৈ সাজু। বি চি চি আইয়েও গম্ভীৰক লৈ সহমতত উপনীত হৈছে যদিও বিশ্বকাপৰ পিছতেই আনুষ্ঠানিকভাৱে প্ৰশিক্ষকৰ নাম ঘোষণা কৰিব।