আজি দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটদান শেষ হোৱাৰ লগে লগে সন্ধিয়া প্ৰকাশ পাব এগজিট প’লৰ ফলাফল।
সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৪ জুনত আৰু এইবাৰ ডাঙৰ পৰ্দাতো দেখা পাব নিৰ্বাচনৰ ফলাফল।
ইয়াৰ বাবে কেইবাটাও চিনেমা গৃহত প্ৰস্তুতি চলি আছে আৰু ইতিমধ্যে বুকিঙো আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।
মহাৰাষ্ট্ৰৰ বহু চিনেমা গৃহত লোকসভা নিৰ্বাচনৰ ফলাফল লাইভ দেখুৱাবলৈ প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে অনলাইন টিকট বুকিং ইতিমধ্যে আৰম্ভ হৈছে।
মুম্বাইৰ বহু ছবিগৃহত প্ৰদৰ্শিত হ’ব নিৰ্বাচনৰ লাইভ ফলাফল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বগীয়া স্ক্ৰীনিং ৬ ঘণ্টালৈ চলিব।
লাভ কৰা তথ্য অনুসৰি মুম্বাইৰ ছিয়ন, কাঞ্জুৰমাৰ্গ, ইটাৰ্নিটি মল থানে, ৱাণ্ডাৰ মল থানে আৰু মীৰা ৰোডৰ এছ এম ৫ কল্যাণ আৰু মুভিমেক্স চিনেমাগৃহত লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ টেলিকাষ্ট প্ৰদৰ্শন কৰিব।
ফলাফলৰ লাইভ টেলিকাষ্ট কেৱল মুম্বাইতে নহয় পুমে, নাছিক, নাগপুৰৰ মুভিমেক্স ইটাৰ্নিটি নগৰতো প্ৰদৰ্শিত হ’ব। ইয়াৰ উপৰি দেশৰ আন আন প্ৰান্ততো এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
আমি Paytmৰ জৰিয়তে যিদৰে চিনেমাৰ টিকট বুকিং কৰো ঠিক তেনেদৰে আপুনিও লোকসভা নিৰ্বাচনৰ ফলাফল থিয়েটাৰত চাবলৈ টিকট বুকিং কৰিব পাৰে। ইয়াৰ বাবে টিকটৰ মূল্য ৯৯ টকাৰ পৰা ৩০০ টকা ধাৰ্য কৰা হৈছে।