অপৰাধীৰ পুত্ৰ আৰু ডিব্ৰুগড় জে’লত বন্দী খালিস্তানী সমৰ্থক অমৃতপালৰ বৃহৎ অগ্ৰগতি

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজতে পঞ্জাৱৰ পৰা আহিছে এক আশ্বৰ্যকৰ খবৰ। ৰাজ্যখনৰ দুটাকৈ সমষ্টিৰ শেহতীয়া ফলাফলে তীব্ৰ চৰ্চাৰ কাৰণ হৈ পৰিছে ৰাজনৈতিক মহলত। সমষ্টি দুটা হৈছে ফৰীদকোট আৰু খুডুৰ চাহিব।

দুয়োটা সমষ্টিতে কংগ্ৰেছ, আম আদমি পাৰ্টীৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী। লক্ষ্যণীয় বিষয়টো হ’ল এই দুয়োগৰাকী প্ৰাৰ্থী খালিস্তানৰ দুৰ্ঘোৰ সমৰ্থক।

ফৰীদকোটৰ পৰা আগবাঢ়ি আছে সৰৱজীত সিং। সৰৱজীত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰী গাৰ্ড বেৱন্ত সিঙৰ পুত্ৰ।

ইফালে খুডুৰ চাহিব লোকসভা সমষ্টিৰ পৰা আগবাঢ়ি আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিং। দুয়োগৰাকীয়ে নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

উল্লেখ্য যে, পঞ্জাৱত মুঠ ১৩টা লোকসভা সমষ্টিৰ বাবে ভোট গণনা চলি আছে। ইয়াৰে ৭টা সমষ্টিক কংগ্ৰেছ, ৩টাত আপ, এটাত শিৰোমণি আকালী দল আৰু দুটাত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।

ফৰীদকোট সমষ্টিত সৰৱজীত সিঙে ৬০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। তেওঁ এতিয়ালৈকে ২,০৫,০২৪ টা ভোট লাভ কৰিছে।

ইফালে অমৃতপাল সিঙে ১ লাখ ২০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে খুডুৰ চাহিব সমষ্টিত। তেওঁ এতিয়ালৈকে লাভ কৰিছে ২,৭৫,৮১১ টা ভোট।

Comments (0)
Add Comment