সংখ্যাগৰিষ্ঠতা নোপোৱা প্ৰধানমন্ত্ৰী মোদীয়ে পদত্যাগ কৰিব লাগে : মমতা বেনাৰ্জী

লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংখ্যাগৰিষ্ঠতা পোৱা নাই সেয়ে তেওঁ এই পদৰ পৰা পদত্যাগ কৰিব লাগে।

ইয়াৰ সমান্তৰালকৈ তেওঁ এক ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে অখিলেশ যাদৱৰ সৈতে কথা পাতিছিলো আৰু তেওঁ কৈছিল যে য’ত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী জয়ী হৈছে তাত তেওঁলোকক প্ৰমাণ পত্ৰ দিয়া হোৱা নাই।

তৃণমূল মুৰব্বীগৰাকীয়ে কয়, ‘ইমান অত্যাচাৰ, ইমান ধন ব্যয় কৰাৰ পিছতো, মোদীজী আৰু অমিত শ্বাহৰ অহংকাৰৰ বাবে ইণ্ডিয়া জয়ী হ’ল আৰু মোদী পৰাস্ত হ’ল। অযোধ্যাতে তেওঁলোকৰ দল হাৰি থাকিল’।

প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে সংখ্যাগৰিষ্ঠতাৰ নম্বৰ লাভ নকৰাত মই সুখী। প্ৰধানমন্ত্ৰীয়ে নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে, তেওঁ তৎক্ষণাত পদত্যাগ কৰক কাৰণ তেওঁ কৈছিল যে এইবাৰ ৪০০ পাৰ হ’ব। এতিয়া তেওঁ টিডিপি আৰু নীতিশ কুমাৰৰ ভৰিত ধৰিব লাগিব। এতিয়া ইচ্ছা অনুসৰি আইন প্ৰণয়ন কৰিব নোৱাৰিব।‘

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সমালোচনাৰ লক্ষ্য কৰি মমতাই কয় যে পশ্চিম বংগৰ সন্দেশখালীক লৈ বহু অপপ্ৰচাৰত লিপ্ত হৈছিল যদিও আমি সেই সমষ্টিটো জয়লাভ কৰিছো। 

Comments (0)
Add Comment