তামিলনাডুৰ কল্লাকুৰিচি জিলাত বুধবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন ৮ জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি, এখন মিনি ভ্যানে গছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুজনক কাঞ্চীপুৰম জিলাৰ পোনেৰীৰ বাসিন্দা বৃন্দা (৬০) আৰু তেওঁৰ পুত্ৰ শিৱজোতি (৩০) বুলি জানিব পৰা গৈছে।
ৰামেশ্বৰমৰ পৰা কাঞ্চীপুৰম অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে জনোৱা মতে, মিনি ভ্যানখন চলাই থকা শিৱজোঠী নামৰ চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছত গছত খুন্দা মাৰে।
এই দুৰ্ঘটনাত আহত হয় শিৱজোঠীৰ পত্নী, তেওঁলোকৰ পুত্ৰ আৰু আন ছয়জন আত্মীয়।
আহতসকলক ততাতৈয়াকৈ চৰকাৰী ভিল্লুপুৰম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।