বিশ্বকাপৰ অভিযান আৰম্ভৰ পূৰ্বেই আঘাতৰ বাবে বাহিৰ এইগৰাকী ক্ৰিকেটাৰ

অহা ৬ জুনত টি-২০ বিশ্বকাপৰ আয়োজক দেশ আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত অংশ ল’ব পাকিস্তান। কিন্তু বিশ্বকাপৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে এজন ক্ৰিকেটাৰৰ খবৰে চিন্তাত পেলাইছে পাকিস্তান দলত।

খবৰ অনুসৰি আমেৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ পৰা বাহিৰ হৈছে দলটোৰ তাৰকা অলৰাউণ্ডাৰ ইমাদ ৱাছিম। আঘাতৰ সমস্যাত ভুগি থকাৰ বাবে মেচখনত অংশ ল’ব নোৱাৰিব অলৰাউণ্ডাৰগৰাকী।

ৱাছিমৰ আঘাত কিমান গুৰুতৰ সেয়া জানিব পৰা হোৱা নাই যদিও বিশ্বকাপৰ প্ৰথমখন মেচত তেওঁ খেলিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে দলটোৰ অধিনায়ক বাবৰ আজমে।

ইমাদ ৱাছিমৰ আঘাতে চিন্তাত পেলাইছে পাকিস্তান মেনেজমেণ্টক। কিয়নো পাৱাৰপ্লে’ত নতুন বলৰ সৈতে বলিং কৰাৰ অভিজ্ঞতা যথেষ্ট। ইয়াৰ উপৰি বেটিঙেৰেও এখন মেচৰ পৰিণাম সলোৱাৰ সক্ষমতা আছে ৱাছিমৰ।  

Comments (0)
Add Comment