ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ সমীপৰ এখন নদীত ডুবি মৃত্যু ঘটিল চাৰিগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ। ৰাছিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘটিত এইটোৱে আটাইতকৈ ভয়াৱহ ঘটনা। শুকুৰবাৰে এই তথ্য প্ৰদান কৰে ৰাছিয়া কৰ্তৃপক্ষই।
ভেলিকি নভগ’ৰড চহৰৰ নভগ’ৰড ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছিল এই চাৰিগৰাকী শিক্ষাৰ্থী। এই কৰুণ ঘটনাটোত মৃত্যু হোৱা শিক্ষাৰ্থী চাৰিগৰাকীৰ ভিতৰত আছিল ১৮-২০ বছৰ বয়সৰ দুগৰাকী ছাত্ৰী আৰু দুজন ছাত্ৰ। আটাই কেইগৰাকী মহাৰাষ্ট্ৰৰ বাসিন্দা।
চাৰিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এগৰাকী ছাত্ৰীক জীৱন্তে উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে। প্ৰাণ ৰক্ষা পৰা ছাত্ৰীগৰাকীৰ চিকিৎসা চলি আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাটোক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। মন্ত্ৰালয়ে জনোৱা অনুসৰি, নদীত ডুব যোৱা চাৰিগৰাকী শিক্ষাৰ্থীৰ দুগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে আন দুজন এতিয়াও সন্ধানহীন হৈ আছে।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এজন শিক্ষাৰ্থীক বচাবলৈ গৈ আন তিনিজন শিক্ষাৰ্থী নদীত সন্ধানহীন হয়। অৱশ্যে উদ্ধাৰকাৰী দলে এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে দেশখনৰ ভাৰতীয় মিছনে মৃত শিক্ষাৰ্থী কেইগৰাকীৰ মৃতদেহ অতি সোনকালে আত্মীয়ৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে।