কিমান দিন আৰু এইদৰে চলিব ?
পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ’ল ধেমাজিৰ এজন যুৱকৰ । এটকা দুটকা উপাৰ্জনৰ লক্ষ্য়ৰে, পৰিয়ালক পোহপাল দিয়া স্বাৰ্থৰে ঘৰৰ পৰা সুদূৰ বহিঃৰাজ্যলৈ গৈ কিমানদিন প্ৰাণ হেৰুৱাব লাগিব অসমৰ ৰাইজে।
জানিব পৰা মতে, কৰ্ম সন্ধানত বুধবাৰে কেৰেলা লৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ধেমাজি ভেহপৰা গাঁৱৰ তিনি যুৱক । কিন্তু মাজ পথতে কি হ’ল ধেমাজি ভেহপৰা গাঁৱৰ দীপজ্যোতি বৰপাত্ৰগোঁহাইৰ লগত! যাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন গৈ নাপালে কেৰেলালৈ সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে সকলোৰে বাবে। এয়া এক পৰিকল্পিত হত্যা নে আন কিবা…
পৰিয়ালৰ মতে- এয়া এক হত্যাকাণ্ড!
ৰে’লেৰে গৈ থকা অৱস্থাত ধেমাজি ভেহপৰা গাঁৱৰ দীপজ্যোতি বৰপাত্ৰগোঁহাই নামৰ যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি ট্ৰেইনৰ পৰা পেলাই দিয়া বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
শুক্ৰবাৰে পুৱা ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ এটা ৰে’ল ষ্টেচনৰ সমীপত ।
কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । সুশৰীৰে ঘূৰি আহিব বুলি বাট চাইছিল দীপজ্যোতিৰ পৰিয়ালে কিন্তু মৃত্যুৰ পাছতো দেখাৰ কপাল নহ’ল পিতৃ-মাতৃৰ। কিয়নো পুত্ৰৰ মৃতদেহ অসমলৈ আনিবলৈ সক্ষম নহয় দুৰ্ভগীয়া পিতৃ-মাতৃ।
পুত্ৰৰ মৃতদেহ স্ব-গৃহলৈ আনিবলৈ চৰকাৰ তথা ধেমাজি জিলা প্ৰশাসনৰ পৰা সহায় বিছাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে । বৰ্তমান মৃত দীপজ্যোতি বৰপাত্ৰগোঁহাইৰ মৃতদেহ ৰখা হৈছে পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ বুৰ্ডৱান মেডিকেল কলেজত ।