মণিপুৰত পুনৰ হিংসা; দুখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি

মণিপুৰৰ জিৰিবাম আৰু তামেংলং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে। এজন ব্যক্তিৰ হত্যাৰ বিৰুদ্ধে স্থানীয় লোকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষই কয়।

আৰক্ষী বিষয়াই জনোৱা মতে, বৃহস্পতিবাৰে নিশা জিৰিবামত সোইবাম শৰতকুমাৰ সিঙৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোত স্পষ্ট আছিল আঘাতৰ চিন। মৃতদেহ উদ্ধাৰৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে জিৰিবামত প্ৰতিবাদকাৰীসকলে নিজৰ নিজৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিবলৈ দাবী জনাইছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জমা কৰা হৈছিল এই অস্ত্ৰ-শস্ত্ৰ।

স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি প্ৰতিবাদকাৰী ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জৰ আশ্ৰয় লয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিৰিবাম জিলাত অসম ৰাইফলছ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু মণিপুৰ আৰক্ষীৰ বিষয়াক লৈ এটা যৌথ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।

জিৰিবাম আৰু চুবুৰীয়া তামেংলং জিলাত ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীকে ধৰি নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে। শুকুৰবাৰেও পৰিস্থিতি উত্তেজিত হৈ আছে যদিও নিয়ন্ত্ৰণত আছে।

Comments (0)
Add Comment