গ্ৰীষ্মৰ আৰম্ভৰ লগে লগে বৃদ্ধি পোৱা উষ্ণতাই বিশেষকৈ ছালৰ ক্ষতি কৰে। যাৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস, ছালৰ ৰং সলনি হোৱাৰ উপৰিও পিম্পলছ, শালমইনা আৰু ছালখন তেলেতীয়া হৈ পৰে। পাৰ্লাৰলৈ গৈ বিভিন্ন ধৰণৰ কেমিকেলযুক্ত COSMETIC বোৰ ব্যৱহাৰ কৰাৰ ফলত ছালখন ভাল হোৱাৰ বিপৰিতে Rashes হোৱাৰ আশংকা বেছি থাকে।
যেতিয়াৰ পৰা Web Series বোৰত K-Drama Series বোৰ উপলব্ধ হ’ল বিশ্বজুৰি কোৰিয়াৰ দৰে ছাল পোৱাৰ ইচ্ছা বাঢ়িবলৈ ধৰিছে। যেতিয়াই কোৰিয়াৰ অভিনেতা-অভিনেত্ৰীসকলক দেখো তেওঁলোকৰ মিহি আৰু কাঁচৰ দৰে স্বচ্ছ ছাল দেখি চকু থৰ লাগি যায় আৰু ছিদ্ৰবিহীন,স্ফটিক স্বচ্ছ ছালখন আওকাণ কৰাটো অতি কঠিন হৈ পৰে।
বহু লোকে কোৰিয়ান সকলৰ দৰে ছাল পাবলৈ যত্নও কৰিছে।
কোৰিয়ান সকলৰ দৰে স্বচ্ছ,দাগবিহীন ছালৰ বাবে কৰক এইখিনি কামঃ-
ক্লিনজাৰ (Foaming Cleanser)
প্ৰথমে, ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মুখখন ধুই পেলোৱাটো অতি গুৰুত্বপূৰ্ণ। কেৱল পানীৰে মুখখন ধোৱাটো বৰ লাভজনক নহয়, মুখখন পৰিষ্কাৰ কৰাৰ বাবে ক্লিনজাৰ ব্যৱহাৰ কৰা উচিত। সেয়েহে আপুনি ফেনযুক্ত ক্লিনজাৰ লৈ আঙুলীৰ সহায়েৰে মুখখনত লাহে লাহে ঘঁহি ল’ব । ই আপোনাৰ মুখখনৰ তেলীয়া গ্ৰন্থিবোৰ পৰিষ্কাৰ কৰে আৰু ছিদ্ৰবোৰো পৰিষ্কাৰ কৰাত সহায় কৰে। এই কাম আপুনি বাহিৰৰ পৰা অহাৰ পাছতো কৰিব পাৰিব। মুখত ঘামৰ ফলত লাগি থকা মলিবোৰ আঁতৰাই দিয়ে।
টোনাৰ (Toner)
দিতীয়তে, মুখখন ক্লিনজাৰ কৰাৰ পাছত ছিদ্ৰবোৰ ঢিলা হৈ পৰে আৰু ছালৰ ছিদ্ৰবোৰ খোলা হৈ যায়, যাৰ ফলত সেইবোৰত লেতেৰা সোমাই যাব পাৰে সেয়েহে মুখখন ধোৱাৰ পিছত ট’নাৰ প্ৰয়োগ কৰা হয়। ই খোলা ছিদ্ৰবোৰ টান কৰাত সহায় কৰে আৰু ছালখনক হাইড্ৰেটেড কৰি ৰখাৰ বাবে ট’নাৰ ব্যৱহাৰ কৰিব লাগে। নিয়মীয়াকৈ ট’নাৰ ব্যৱহাৰ কৰিলে হাইড্ৰেটেড, ছিদ্ৰবোৰ পৰিষ্কাৰ, ছাল টান কৰা, PHস্তৰ সন্তুলিত কৰা আৰু ব্রণ বা দাগৰ ফলত ৰঙা হৈ পৰা হ্ৰাস কৰাত সহায় কৰে। বিশেষকৈ কোৰিয়ান ট’নাৰ ব্যৱহাৰ কৰিলে বেছি ভাল ফল পোৱা যায় কিয়নো ইয়াত এলকহল নাথাকে যাৰ ফলত ছালখন Balance কৰি ৰাখে আৰু হাইড্ৰেটেড হৈ থাকে।
চিৰাম (Serum)
তৃতীয়তে, মুখখন ক্লিনজাৰ কৰাৰ পাছত ছালখনৰ তেলীয়া পদাৰ্থ নাইকীয়া হৈ যোৱাত শুকান হৈ পৰে সেয়েহে ছাল মেৰামতিৰ বাবে ফেচ ছিৰাম প্ৰয়োগ কৰিলে মুখৰ গ্লো বৃদ্ধি পায়। কিছুমান ফেচ ছিৰামত ভিটামিন বি ৩ (Vitamin-B3) থাকে যিটো তেলীয়া ছালৰ বাবে অতি উপকাৰী। এনেদৰে নিয়মিয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ কোষক পুনৰ সজীৱ কৰি তোলে, আৰু কোৰিয়ানৰ দৰে অধিক ইলাষ্টিক টেক্সচাৰ পোৱাত সহায় কৰে ।
যদি ব্ৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহ’লে ৰেটিনল (retinol face serum) থকা ফেচ চিৰাম ব্যৱহাৰ কৰিব পাৰে ই হৈছে এণ্টি-এজিং ফেচ চিৰাম।
আই ক্ৰীম (Eye Cream)
চতুৰ্থতে, আন ছালবোৰতকৈ মুখখনৰ চকুৰ তল অংশটো অধিক পাতল হয়। বৰ্তমান দৈনন্দিন জীৱনত ইমানেই বেছি সময়হীন হৈ পৰিছে যাৰ ফলত অনিদ্ৰা, মানসিক চাপ, প্ৰদূষণৰ ফলত বহুতো সমস্যাই দেখা দিয়ে। তাৰে ভিতৰত চকুৰ তলৰ অংশত ক’লা দাগ (Dark Circles) পৰা, ফুলি উঠা অংশ, ৰিংকলচ (wrinkle) আদি সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায। গতিকে চকুৰ চাৰিওফালে নিয়মিতভাৱে চকুৰ ক্ৰীম লগাব লাগে, যিয়ে কিছু সংখ্যক হ’লেও সকাহ দিয়ে। সেয়েহে ক’লা বৃত্ত আঁতৰাবলৈ চকুৰ ক্ৰীম ব্যৱহাৰ কৰাটো আৱশ্যকীয়।
ইমালচন (Emulsion)
পঞ্চমতে, ইমালচন (Emulsion) ব্যৱহাৰ কৰক। ইমালচন (Emulsion) হৈছে একধৰণৰ মইশ্ব’ৰাইজাৰ। ই হৈছে এক জুলীয়া পদাৰ্থ যিয়ে আপোনাৰ ছালত এটা সুৰক্ষামূলক স্তৰ গঠন কৰে আৰু ১/২ ড্ৰপ (Drop) মাত্ৰ প্ৰয়োগে বাষ্পীভৱন হোৱাত বাধা দিয়ে। ই অত্যন্ত হাইড্ৰেটিং (hydrating), নন-কমেড’জেনিক (Non-comedogenic) যিয়ে পিম্পলছ হোৱাত বাধা দিয়ে অৰ্থাত খোল খোৱা ছিদ্ৰবোৰ (Pores) বন্ধ কৰি নেপেলায়, ই অতি অধিক লাইট ৱেইট (lightweight) হোৱাৰ বাবে ছালখন সহজে মিশ্ৰিত হৈ পৰে আৰু ছাল সাধাৰণতে ইমালচন (Emulsion) ব্যৱহাৰ কোৰিয়ান সকলৰ মাজত জনপ্ৰিয়তা বেছি দেখিবলৈ পোৱা যায়।
চানছক্ৰিম (Sunscreen)
শেষত আপুনি ব্যৱহাৰ কৰিব চানছক্ৰিম (Sunscreen)। চানছক্ৰিম (Sunscreen)ৰ উপকাৰিতা সৰু-ডাঙৰ সকলোৱে জানে, ই সুৰ্যৰ ৰশ্মিৰ পৰা অহা ক্ষতিকাৰক UV Reactionৰ পৰা সুৰক্ষা দিয়ে। চানবাৰ্ন (sunburn) আদি সমস্যাৰ পৰা সকাহ দিয়ে। কোৰিয়ানবোৰে অত্যধিক ব্যৱহাৰ কৰা দেখা যায়। কিয়নো অ’জন স্তৰ (ozone layer) ক্ষয় হোৱাৰ বাবে UV ৰশ্মি Direct ছালত পৰে বাবে ছালত জ্বলাপোৰা অনুভৱ কৰা, ছালখন ৰঙা হৈ পৰা, সোনকালে ৰিংকলচ (wrinkles) পৰা আদি সমস্যাই দেখা দিয়ে। যাক আমি ছাতি লৈও পলাব নোৱাৰো।পাৰিলে মুখখন কটন কাপোৰ বা চুৰণিৰে কভাৰ কৰাটো ভাল। আপুনি যদি অত্যাধিক সময় যদি বাহিৰলৈ ওলাই যায় তেন্তে চানছক্ৰিম (Sunscreen) লগোৱাটো অত্যন্ত প্ৰয়োজনীয়।
কিছু কিছু লোকে চানছক্ৰিম (Sunscreen) কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে। লগাব লাগে বুলিয়ে লগাই আৰু বাহিৰলৈ গুচি যায়।
চানছক্ৰিম (Sunscreen) লগোৱাৰো কিছু নিয়ম আছে চানছক্ৰিম (Sunscreen) অকল মুখতেই ঘঁহিলে নহ’ব কাণ, ডিঙি, হাত এইখিনি ঠাই ৰৈ যায়। ছানস্ক্ৰীণখন একেলগে গোটেই হাতখনতে ৰখাৰ পৰিৱৰ্তে সৰু সৰু, সমান আকাৰৰ বিন্দুবোৰ লগাওক যাতে ই ভালদৰে আৰু ফলপ্ৰসূভাৱে বিয়পি পৰে। যেতিয়া চানছক্ৰিম (Sunscreen) হাতত ঘঁহিব আপুনি গোটেই হাতখনতে একেবাৰে নঘঁহি অকণ অকণকে dots sizeত লগাই ল’ব আৰু ভালদৰে নগলা ঠাইখিনি পূৰণ কৰি ল’ব।
বাৰিষা, শীতকাল, গ্ৰীষ্ম এইবোৰ seasonsত চানছক্ৰিম (Sunscreen)বোৰ কেনেদৰে ব্যৱহাৰ কৰিবঃ-
কিছু কিছু লোকে চানছক্ৰিম (Sunscreen) ৰ মাত্ৰা কমাই ব্যৱহাৰ কৰে কিন্তু তেনে কৰিব নালাগে। আপুনি চানছক্ৰিম (Sunscreen) সদায় বেছিকৈ আঙুলিত লৈ মুখৰ পৰা ডিঙিলৈ লগাই ল’ব। ভালদৰে লগাব যাতে ভিতৰলৈ ছালখনে অবজাৰ্ভ (observe) কৰিব পাৰে।
আমি ভাবো চানছক্ৰিম (Sunscreen) এবাৰ লগাই এৰি দিলেই হ’ল কিন্তু এনে নহয়। দিনত ২/৩ ঘন্টাৰ মূৰে মূৰে চানছক্ৰিম (Sunscreen) ব্যৱহাৰ কৰিব লাগে। যদিহে আপুনি বেছিকৈ বাহিৰলৈ থাকে। বাহিৰলৈ যোৱাৰ ১৫ৰ পৰা ৩০ মিনিট আগতে যি যি অংশ বাহিৰত ওলায় থাকে অৰ্থাত সূৰ্যৰ ৰশ্মি যিসমূহ অংশত direct পৰে সেই অংশত যেনে – মুখ, ডিঙি, হাতত চানছক্ৰিম (Sunscreen) লগোৱাটো দৰকাৰ । কেইদিনমান এনেদৰে কৰক আপুনি নিজে proof দেখিব।
কিছু কিছু লোকে গৰম নাই পৰা বুলি চানছক্ৰিম (Sunscreen) নলগায় কিন্তু সেয়া ভুল। কিয়নো গৰম নপৰিলেও, ঘৰৰ ভিতৰত থাকিলেও সূৰ্যৰ ৰশ্মি ঘৰৰ ভিতৰতো প্ৰৱেশ কৰে। ৰ’দ টানকৈ নিদিলেও ৰশ্মি পৃথিৱীলৈ আহে। ৰাতি চানছক্ৰিম (Sunscreen) লগোৱাৰ পৰা দূৰত থাকক।
আপোনাৰ মুখখন যদি Oily তেন্তে gel চানছক্ৰিম (Sunscreen) ব্যৱহাৰ কৰিব পাৰে আৰু dry skin, normal skinবোৰে lotion চানছক্ৰিম (Sunscreen) ব্যৱহাৰ কৰিব পাৰে ।
আপোনাৰ ছালৰ ৰং বগায়ে হওক বা ক’লায়ে হওক চানছক্ৰিম (Sunscreen) লগোৱাটো প্ৰয়োজনীয় । নিজকে ক’লা ৰঙৰ ভাবি নলগোৱাটো ভুল ।
অত্যধিক যদি গৰম পৰে তেন্তে SPF-30 ৰ পৰা SPF-50ৰ ভিতৰত দিনৰ সময়ত লগাব পাৰে। কমকৈ গৰমত SPF-15 ব্যৱহাৰ কৰিব পাৰিব। যিমান বেছি SPF থাকিব সিমান বেছি সূৰ্যৰ UVA আৰু UVB ৰশ্মিৰ পৰা ৰক্ষা কৰে। SPF-100 চানছক্ৰিম (Sunscreen) বজাৰত সহজে উপলব্ধ, SPF-100 চানছক্ৰিম (Sunscreen) ব্যৱহাৰ কৰাৰ বিপৰিতে SPF-30 ৰ পৰা SPF-50ৰ ভিতৰত ব্যৱহাৰ কৰাটো উপকাৰী কিয়নো সূৰ্যৰ পৰা ওলোৱা UVA ৰশ্মি 80% কাম কৰে। জানিব পৰা মতে কিছু কিছু বিজ্ঞাপনত ভুল সম্প্ৰচাৰ কৰে যে SPF-100 চানছক্ৰিম (Sunscreen) অধিক গৰমত অধিক সময় কাম কৰে ।