খাদ্য প্ৰস্তুতকাৰী উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড; ৩ জন শ্ৰমিকৰ মৃত্যু

দিল্লীৰ এটা খাদ্য প্ৰস্তুতকাৰী উদ্যোগত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত তিনিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হোৱাৰ তথ্য আহিছে।

শনিবাৰে পুৱতি নিশা নৰেলা ঔদ্যোগিক এলেকাত সংঘটিত হয় এই ঘটনা।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, আজি পুৱা প্ৰায় ৩.৩৫ বজাত এই ঘটনা সন্দৰ্ভত ফোন লাভ কৰে। ইয়াৰ পিছতে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ ১৪ খন বাহন ঘটনাস্থলত উপস্থিত হৈ জুই নিৰ্বাচনৰ চেষ্টা চলায়।

শীৰ্ষ বিষয়াই জনোৱা অনুসৰি, অট্টালিকাৰ ভিতৰৰ পৰা ৯ জন লোকক উদ্ধাৰ কৰা হয় আৰু তেওঁলোকক নৰেলাৰ SHRC হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইয়াৰে শ্যাম, ৰাম সিং আৰু বীৰপাল নামৰ তিনিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইজনৰ চিতিসা চলি আছে।

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা অনুসৰি পাইপ লাইনৰ পৰা গেছ লীক হোৱাৰ বাবে অগ্নিকাণ্ড সংঘটিত হয়। জুই বিয়পি পৰাৰ লগে লগে অট্টালিকাটোত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়।

এই ঘটনা সন্দৰ্ভত উপযুক্ত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে বুলিও আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।  

Comments (0)
Add Comment