দেওবাৰে পুৱা বিহাৰৰ ঔৰংগাবাদৰ দাউদনগৰ থানা এলেকাৰ মুছেপুৰ খাইৰা গাঁৱৰ সমীপত অবৈধ বালি কঢ়িয়াই অনা ট্ৰেক্টৰৰ খুন্দাত এজন কনিষ্টবলৰ মৃত্যু হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীৰ এটা দলে কনিষ্টবলজনক দাউদনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
তথ্য অনুসৰি ২৯ বছৰীয়া দীপক সিং জিলা আৰক্ষী বাহিনীৰ জোৱান আছিল। আৰু তেওঁ দাউদনগৰ থানা এলেকাৰ খননত কৰ্তব্যৰত আছিল।
মৃত কনিষ্টবলজন ভোজপুৰ জিলাৰ আৰাৰ চৰাইয়া থানা এলেকাৰ কুড্ৰিয়া গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
অবৈধ খনন বন্ধ কৰাৰ বাবে তেওঁক ছিপাহ চেক পোষ্টত নিয়োগ কৰা হৈছিল। সেই অনুসৰি কনিষ্টবলজনে আজি অবৈধ বালি কঢ়িওৱা এখন ট্ৰেক্টৰক ৰখাবলৈ চেষ্টা চলোৱাৰ সময়তে তেওঁক মহতিয়াই লৈ যায়।
এছ ডি পি অ’ কুমাৰ ঋষিৰাজ, আৰক্ষী পৰিদৰ্শক জিতেন্দ্ৰ কুমাৰ, আৰক্ষী থানাৰ মুৰব্বী ফহীম আজাদ খানকে ধৰি অন্যান্য আৰক্ষী বিষয়াই চিকিৎসালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে।