ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ : কেইগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ক’লে কোনে মাৰিব বিজয়ৰ হাঁহি

আজি ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচখনক লৈ অনুৰাগীৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। মেচখনত কোনে জয়ৰ শেষ হাঁহি মাৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰত-পাকিস্তানৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে জয়ী হ’বলগীয়া দলৰ নাম ঘোষণা কৰিছে।

জানো আহক কোন প্ৰাক্তন ক্ৰিকেটাৰে কি কয়

হৰভজন সিং : পাকিস্তানৰ বেটিং লাইনআপতকৈ ভাৰতৰ বেটিং যথেষ্ট শক্তিশালী সেয়ে ভাৰত জয়ী হোৱাটো নিশ্চিত। তদুপৰি ভাৰতৰ প্ৰতিজন বলাৰ ফৰ্মত আছে বুলিও তেওঁ উল্লেখ কৰে।

ৱাছিম আক্ৰাম : ভাৰত যথেষ্ট ভাল দল আৰু তেওঁলোকেই জয়ী হোৱাৰ প্ৰৱল দাবীদাৰ। মেচ জয়ী হোৱাৰ সম্ভাৱনা ৬০ শতাংশ ভাৰতৰ আৰু ৪০ শতাংশ পাকিস্তানৰ। তেওঁ লগতে এটা ভাল ইনিংছ আৰু এটা ভাল স্পেলে মেচৰ পৰিণাম সলনি কৰি দিব পাৰে।

নৱজোত সিং সিদ্ধু : পাকিস্তান দলতকৈ ভাৰতীয় দলটো বেছি সন্তুলন। তিনিজন মানসম্পন্ন অল-ৰাউণ্ডাৰ। ৬-৭টা বলিঙৰ বিকল্প আছে। ফৰ্মত আছে বেটছমেনসকল। ভাৰতৰ সম্ভাৱনা অধিক।

ৱাকাৰ ইউনিছ : পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাকাৰ ইউনিছে কয় যে মোৰ মনে কয় পাকিস্তান জিকিব। কিন্তু পিটচখন বেগী বলাৰৰ সহায়ক।

সুনীল গাভাস্কাৰ : পিচটখনত খেলিবলৈ যদিওবা কঠিন কিন্তু ভাৰতৰ জয় নিশ্চিত।

ষ্টিভ স্মিথ : এই মেচখন ভাৰতে জয়ী হ’ব। দুয়োটা দলৰ উন্নতমানৰ বেগী বলিং কঠিন পিটচত হ’ব।

ৰমীজ ৰাজা : ভাৰতৰ জয়ৰ সম্ভাৱনা অধিক।

Comments (0)
Add Comment