মঙলবাৰে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক দিলে এক ভাল খবৰ। ৰাজ্য চৰকাৰে এক অধিসূচনা জাৰি কৰি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰিছে।
এই সিদ্ধান্ত ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। ৰাজ্যৰ বিত্ত বিভাগে এক অধিসূচনা জাৰি কৰি এই তথ্য দিয়ে।
দৰাচলতে পশ্চিম বংগৰ ৰাজ্যপাল চি বি আনন্দ বসুৱে সিদ্ধান্ত লৈছে যে ৰাজ্য চৰকাৰ আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে এই সুবিধা লাভ কৰিব।
লগতে অধিসূচনাত কোৱা হৈছে যে সকলো দিশ পৰীক্ষা কৰি ৰাজ্যপালে মৰগীয়া বানচ প্ৰদানৰ সিদ্ধান্তত অনুমোদন জনাইছে।
চৰকাৰী কৰ্মচাৰীৰ উপৰি দৰিদ্ৰ পৰিয়ালকো চৰকাৰৰ তৰফৰ পৰা বিশেষ উপহাৰ দিয়া হৈছে। য’ত বিত্ত বিভাগে দৈনিক মজুৰি শ্ৰমিকৰ মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে।