২৪ বছৰৰ মূৰত ওড়িশাবাসীয়ে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহত বিজয়ৰ পিছতেই আজি দলটোৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে মুখ্যমন্ত্ৰীৰূপে শপত লয়।
মাঝিৰ লগতে আন দুজন নেতাই উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয়। শপত গ্ৰহণ সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে।
বিশাল খেলপথাৰত আয়োজিত সমাৰোহত ৰাজ্যপাল ৰঘুবৰ দাসে মোহন যাদৱক শপত বাক্য পাঠ কৰোৱায়।
শপত গ্ৰহণৰ পূৰ্বে মোহন চৰণ মাঝিয়ে বুধবাৰে পুৱা ভুৱনেশ্বৰত ৰাজ্যৰ মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত তেওঁক সংগ দিয়ে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা কেভি সিং দেও আৰু প্ৰভাতি পৰিদাৰে।
চাৰিবাৰৰ বিধায়ক মাঝিয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে নতুন চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত কাম আৰম্ভ হ’ব।
উল্লেখ্য যে, ওড়িশা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭৮ খন আসন লাভ কৰিছিল। আনহাতে দীৰ্ঘদিন শাসনত অধিষ্ঠিত হৈ থকা বিজু জনতা দলে লাভ কৰে ৫১ খন আসন।