আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা টি-২০ বিশ্বকাপত এতিয়ালৈকে ভাৰত আৰু আফগানিস্তানৰ লগতে আন চাৰিটা দলে ছুপাৰ-৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
এইবাৰৰ বিশ্বকাপত অংশ লোৱা ২০ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল। প্ৰতিটো গ্ৰুপৰ পৰা দুটাকৈ দলে ছুপাৰ-৮ত প্ৰৱেশ কৰিব।
ইতিমধ্যেই গ্ৰুপ এ’ৰ পৰা বাৰত ছুপাৰ-৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। এইটো গ্ৰুপৰ পৰা আমেৰিকা বা পাকিস্তান দলৰ কোনোবা এটাই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব।
প্ৰতিখন মেচতেই জয়ী হৈ গ্ৰুপ বি’ৰ পৰা ছুপাৰ-৮ত প্ৰৱেশ কৰিছে অষ্ট্ৰেলিয়াই। এই গ্ৰুপৰ আনটো দল স্কটলেণ্ড বা ইংলেণ্ড হ’ব পাৰে।
গ্ৰুপ চি’ ৰছবি স্পষ্ট হৈ পৰিছে। এই গ্ৰুপৰ পৰা আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজে ছুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে উগাণ্ডা, পি এন জি আৰু নিউজিলেণ্ড বাহিৰ হৈছে।
টি-২০ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লীগ পৰ্যায়ৰ পৰা বাহিৰ হৈছে নিউজিলেণ্ড।
দক্ষিণ আফ্ৰিকাৰ দলটোৱে গ্ৰুপ ডি’ৰ পৰা ছুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে বাংলাদেশ এই গ্ৰুপৰ পৰা পৰৱৰ্তী ৰাউণ্ডলৈ যোৱা দ্বিতীয়টো দল হ’ব পাৰে। অৱশ্যে নেদাৰলেণ্ডো দৌৰত আছে যদিও তেওঁলোকৰ নেট ৰান ৰেট অতি বেয়া। এই গ্ৰুপৰ পৰা ইতিমধ্যেই বাহিৰ হৈছে শ্ৰীলংকা।