১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব ব’ল্টৰ টি-২০ বিশ্বকাপৰ অন্তিমখন মেচ

চলিত টি-২০ বিশ্বকাপত নিৰাশাজনক প্ৰদৰ্শনৰ মাজতেই নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ ট্ৰেণ্ট ব’ল্টে এক ডাঙৰ ঘোষণা কৰিছে। ১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব তেওঁৰ বিশ্বকাপ কেৰিয়াৰৰ অন্তিমখন মেচ।

তেওঁ স্পষ্ট কৰি দিছে যে এইখন তেওঁৰ অন্তিমখন টি-২০ বিশ্বকাপৰ মেচ হ’ব। দলটোৱে এই পৰ্যন্ত খেলা তিনিখন মেচৰ মাত্ৰ এখনতহে জয়ী হ”বলৈ সক্ষম হৈছে।

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে পৰাস্ত হৈছিল। ইয়াৰ পিছৰ দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও পৰাস্ত হৈছিল কিৱি দলটো।

আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজে একেৰাহে তিনিখন মেচ জয়ৰে ছুপাৰ-৮ত প্ৰৱেশ কৰিছিল আৰু কিৱি দলটোৱে প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ইতিহাসত গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হয়।

এনে পৰিস্থিতিত দলটোৰ দুৰ্বল প্ৰদৰ্শন দেখি তৃতীয়খন মেচৰ পিছত ট্ৰেণ্ট ব’ল্টে ঘোষণা কৰে যে এয়া তেওঁৰ শেষ টি-২০ বিশ্বকাপ। ইয়াৰ পিছত তেওঁ পৰৱৰ্তী টি-২০ বিশ্বকাপত নিউজিলেণ্ড দলৰ অংশ নহ’ব।

শুকুৰবাৰে উগাণ্ডাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ট্ৰেণ্ট ব’ল্টে কয়, ‘যদি মই নিজৰ কথা কওঁ, তেন্তে এইটোৱেই হ’ব মোৰ শেষ টি-২০ বিশ্বকাপ। এয়াই মোৰ ক’বলগীয়া।‘

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ট্ৰেণ্ট ব’ল্টে ১৭ জুনত পাপুয়া নিউগিনিৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অন্তিমখন খেল খেলিব।

নিউজিলেণ্ডে ছুপাৰ-৮ত প্ৰৱেশ কৰিব নোৱাৰাৰ সন্দৰ্ভত বল্টে কয়, ‘আমি সঁচাকৈয়ে এই আৰম্ভণি একেবাৰেই বিচৰা নাছিলো। ইয়াক হজম কৰাটো অতি কঠিন। আমি সকলোৱে হতাশ হৈছো যে আমি প্ৰতিযোগিতাখনৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলো।‘

উল্লেখ্য যে, শনিবাৰে নিউজিলেণ্ডে উগাণ্ডাৰ বিৰুদ্ধে খেলা মেচখনত ৯ উইকেটত জয়লাভ কৰে। ২০২৪ চনৰ টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ এয়া প্ৰথম জয়।

Comments (0)
Add Comment