ছিকিমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ! ধাৰাসাৰ বৰষুণ-ভূমিস্খলনৰ ফলত ৯ জনৰ মৃত্যু, ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ

প্ৰাকৃতিক বিপৰ্যৰ সন্মুখীন হৈছে ছিকিম। ৰাজ্যখনৰ মাংগন জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত ভূমিস্খলনৰ ফলত ১৫ গৰাকী বিদেশী নাগৰিকসহ ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছে। শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰদান কৰে।

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনত এই পৰ্যন্ত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। বিস্তৰ ক্ষতিসাধন হৈছে সা-সম্পত্তিৰ।

ইয়াৰ উপৰি ৰাজ্যখনৰ কেইবাটাও পথ ভাঙি যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। এই বিপৰ্যয়ৰ ফলত ঠায়ে ঠায়ে বিদ্যুত, খাদ্য সামগ্ৰী যোগান তথা মোবাইল নেটৱৰ্কো ব্যাহত হৈ পৰিছে।

এগৰাকী বিষয়াই জনোৱা মতে, ‘পথ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বন্ধ হৈ পৰা যাতায়তৰ বাবে প্ৰায় ১২০০ ঘৰুৱা আৰু ১৫ বিদেশী পৰ্যটক (থাইলেণ্ডৰ দুগৰাকী, নেপালৰ তিনি, বাংলাদেশৰ ১০) মাংগন জিলাৰ লাচুঙত আৱদ্ধ হৈ পৰিছে’।

বিষয়াসকলে জনোৱা মতে, অবিৰত বৰষুণৰ ফলত বৃহস্পতিবাৰে মাংগন জিলাৰ কেইবাটাও স্থানত ভূমিস্খলন হোৱাৰ লগতে যোৱা বছৰৰ অক্টোবৰ মাহত ছাংকালাঙত নিৰ্মিত এখন দলং ভাঙি যোৱাৰ ফলত উত্তৰ ছিকিমৰ বহু সংখ্যক পৰ্যটক আবদ্ধ হৈ পৰে।

উল্লেখ্য যে, যোৱা বছৰো ৰাজ্যখনত প্ৰকৃতিয়ে দেখুৱাইছিল বিধ্বংসী ৰূপ। ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছিল ৰাজ্যখনৰ। ইয়াৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছিল পৰ্যটকৰ ৰম্যভূমি ছিকিমৰ উত্তৰ প্ৰান্ত। 

প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ এবছৰ সম্পূৰ্ণ নহওতেই ৰাজ্যখনত পুনৰ প্ৰকৃতিয়ে দেখুওৱা ৰুদ্ৰৰূপে শংকিত কৰি তুলিছে পৰ্যটকৰ লগতে ৰাজ্যখনৰ জনতাক। 

Comments (0)
Add Comment