ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে ৮ জন মাওবাদী। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন নিৰাপত্তাৰক্ষী আহত হয়।
ৰায়পুৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আজি পুৱা আবুঝমাড়ৰ অৰণ্যত এই এনকাউণ্টাৰ আৰম্ভ হোৱাত চাৰিখন জিলা নাৰায়ণপুৰ, কাংকেৰ, দান্তেৱাড়া আৰু কোণ্ডাগাঁৱৰ নিৰাপত্তাৰক্ষীৰ যৌথ দলে মাও বিৰোধী অভিযানত নামি পৰে। বহু সময় ধৰি এই এনকাউণ্টাৰ চলা বুলিও তেওঁ জনায়।
নাৰায়ণপুৰৰ আবুঝমাড় অঞ্চলৰ বিভিন্ন স্থানত শনিবাৰে পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এক এনকাউণ্টাৰ আৰম্ভ হৈছিল। আৰক্ষীয়ে জনোৱা মতে, এই এনকাউণ্টাৰত মাওবাদীৰ যথেষ্ট ক্ষতি হৈছে।
আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰৰ মতে, ১২ জুনৰ পৰা এই অঞ্চল সমূহত নাৰায়ণপুৰ, কোণ্ডাগাঁও, কাংকেৰ আৰু দন্তেৱাড়া জিলাৰ ডি আৰ জি, এছ টি এফ আৰু আই টি বি পি ৫৩ নং কৰ্পছৰ যৌথ অভিযান চলি আছে।