দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ বাবে ডাঙৰ সিদ্ধান্ত ৰেল বিভাগৰ।ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছতে ১৯ খনকৈ ৰেলৰ চলাচল বাতিল।নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।বাতিল কৰা ৰেলকেইখন হৈছে।১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী উইক্লী এক্সপ্ৰেছ, ২০৫০৩ ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ, ১২৪২৩ ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ,০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল, ১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদটিক এক্সপ্ৰেছ, ০৬১০৫ নাগাৰকইল জংচন-ডিব্ৰুগড় বিশেষ ৰে’ল, ২০৫০৬ নিউ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ,১২৪২৪ নিউ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ,বাতিল হৈছে ২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ,১২৩৪৬ গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ, ১২৫০৫ কামাখ্যা-আনন্দ বিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ, ১২৫১০ গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, ২২৩০২ নিউ জলপাইগুৰি-হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, ১৫৬২০ কামাখ্যা-গয়া এক্সপ্ৰেছ ,১৫৯৬২ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ, ১৫৬৩৬ গুৱাহাটী-ওখা এক্সপ্ৰেছ, ১৫৯৩০ নিউ তিনিচুকীয়া-তাম্বাৰম এক্সপ্ৰেছ, ১৩১৪৮ বামনহাট-শিয়ালদাহ উত্তৰ বংগ এক্সপ্ৰেছ, ২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছৰ চলাচল বাতিল।পশ্চিমবংগত সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনাত প্ৰাণ গল ১৫ জনৰ।ছিগনেল নোপোৱাৰ বাবে নীচবাড়ী ষ্টেচনৰ ওচৰত ৰৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে মালবাহী ৰে’লে। ১৩১৭৪ নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছত পিছৰ পৰা খুন্দিয়াই মালবাহী ৰে’লখনে।দুৰ্ঘটনাটোত কাঞ্চনজংঘা এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হয়। কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি যায় মালবাহী ৰে’লৰ কেইবাটাও ডবা।ৰেলমন্ত্ৰী অশ্বিনী বৈঞ্চৱ উপস্থিত হৈছে ঘটনাস্থলীত।নিহতৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা চৰকাৰৰ।আহত হোৱা সকলৰ বাবেও আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।এফালে অসমৰ কেইবাটাও প্ৰান্তৰ যাত্ৰী আছিল ৰেলখনত।