অসমত বানৰ সংহাৰী ৰূপ; ২ লাখ লোক বানৰ কৱলত

বিগত কিছু দিনৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ বাবে ৰাজ্যৰ পৰিস্থিতি ক্ৰমাত ভয়াৱহ হৈ পৰিছে। এই পৰ্যন্ত অসমৰ ১৯খন জিলাৰ প্ৰায় দুই লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

বহু জিলাত বানপানী আৰু ভূমিস্খলনৰ ফলত পথ, দলং, পশুধনকে ধৰি আন বহু সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰহ্মপুত্ৰ নদীকে ধৰি কপিলী আৰু অন্যান্য উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। আনহাতে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে, যাৰ বাবে বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ২৮ মে’ৰ পৰা অসমত ধুমুহা, বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে।

কৰিমগঞ্জৰ লগতে বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, দৰং, ধেমাজি, গোৱালপাৰা, হাইলাকান্দি, নগাঁও, চিৰাং, কোকৰাঝাৰৰ লগতে ওদালগুৰি জিলাৰ মুঠ ৯৮০ৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে।

Comments (0)
Add Comment