মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ।
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত আছে বুলি বৃহস্পতিবাৰে দাবী কৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই।
এখন সংবাদমেলত সিনহাই দাবী কৰে যে তেজস্বী যাদৱৰ সহায়ক প্ৰীতম কুমাৰে বিহাৰ গড়কাপ্তানি বিভাগৰ এজন কৰ্মচাৰীক ফোন কৰি ছিকন্দৰ প্ৰসাদ যাদবেন্দু নামৰ অভিযন্তাৰ আত্মীয়ৰ বাবে কোঠা বুকিং কৰিছিল।
উল্লেখ্য যে, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে ছিকন্দৰ প্ৰসাদ যাদবেন্দু।
নীট পৰীক্ষাৰ বাবে চৰকাৰী অতিথিশালাত শিক্ষাৰ্থীক ৰখাৰ ক্ষেত্ৰত এজন মন্ত্ৰীৰ নাম পোহৰলৈ আহিছে। তাত থকা ছাত্ৰ অনুৰাগ যাদৱৰ নামৰ আগত ব্ৰেকেটত লিখা আছিল ‘মন্ত্ৰীজী’।
গ্ৰেপ্তাৰ হোৱা অভিযন্তা ছিকন্দৰৰ আত্মীয়ক চৰকাৰী অতিথিশালাত ৰখাৰ ক্ষেত্ৰত তেজস্বী যাদৱৰ সহায়কৰ হাত থকাৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰা হ’ব বুলিও বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব দিয়ে।
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্তৰ দায়িত্ব গড়কাপ্তানী বিভাগৰ অতিৰিক্ত মুখ্য সচিব প্ৰত্যয় অমৃতৰ হাতত অৰ্পণ কৰিছে।