মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক

ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক।

খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে। তেওঁলোকক ক্ৰমে কৌশৰ ৰুকছানা আৰু আব্দুল আনছাৰী বুলি চিনাক্ত কৰা হৈছে।

ছৌদি আৰৱৰ মক্কাত চলিত বতৰত এতিয়ালৈকে ১০০০ৰো অধিক হজ যাত্ৰীৰ মৃত্যু হৈছে। কেৱল গ্ৰীষ্মকালতে নহয়, শীতকালতো গৰমৰ বিধ্বংসী ৰূপ ধাৰণ কৰা অঞ্চল মক্কা। এই ঠাইখনৰ উষ্ণতাই শীতকালতো মানুহক অস্বস্তিত পেলায়।

মক্কাৰ জলবায়ুৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মতে ইয়াৰ গৰমৰ বাবে ইয়াৰ ভৌগোলিক কাৰকসমূহেই আটাইতকৈ বেছি দায়ী। মক্কা হৈছে সাতটা ভিন্ন পৰ্বতৰে আগুৰি থকা অঞ্চল। এইটো এটা উপত্যকাৰ অঞ্চল। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা মাত্ৰ ৯০৯ ফুট।

বিশাল পাহাৰৰ বাবে উত্তৰ দিশৰ পৰা অহা ঠাণ্ডা বতাহ মক্কাত প্ৰৱেশ কৰিব নোৱাৰে। মক্কা সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ৩০০ মিটাৰ উচ্চতাত অৱস্থিত, ইয়াৰ উচ্চতা কম হোৱাৰ বাবে ইয়াত অন্যান্য উচ্চ উচ্চতাৰ ঠাইৰ তুলনাত কম ঠাণ্ডা অনুভৱ হয়।

Comments (0)
Add Comment