অনুপ্ৰৱেশৰ বিফল চেষ্টা; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰিৰ গোহলান অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে।

লাভ কৰা তথ্য অনুসৰি দুয়োজন সন্ত্ৰাসবাদীয়ে উৰি খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল।

এগৰাকী শীৰ্ষ বিষয়াই কয়, ‘উৰিৰ গোহলান অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ এটা দল নিৰাপত্তা বাহিনীয়ে দেখা পায়। নিৰাপত্তা বাহিনীক দেখাৰ লগে লগে সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰে। ইয়াৰ পিছত প্ৰতিশোধ হিচাপে সেনা জোৱানসকলে দুজন সন্ত্ৰাসবাদীক হত্যা কৰে আৰু অনুপ্ৰৱেশৰ চেষ্টা বিফল হয়।

উল্লেখ্য যে, যোৱা ১১ আৰু ১২ জুনত ডোডা জিলাৰ দুটা অঞ্চলত সন্ত্ৰাসবাদীয়ে সেনা আৰু আৰক্ষীৰ চেক প’ষ্টত আক্ৰমণ চলাইছিল। এই আক্ৰমণত ছয়জন সেনা জোৱান আৰু দুজন আৰক্ষী জোৱান আহত হৈছিল।

Comments (0)
Add Comment