নীট পৰীক্ষাৰ বিতৰ্ক; উচ্চস্তৰীয় সমিতি গঠন কেন্দ্ৰৰ

মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা বিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই আয়োজন কৰা পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন উচ্চস্তৰীয় সমিতি।

ভাৰতীয় মহাকাশ গৱেশণা সংস্থা চমুকৈ ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠন কৰা হৈছে এই সমিতিখন।

কমিটীৰ আন সদস্যসকল হ’ল এইমছ দিল্লীৰ প্ৰাক্তন সঞ্চালক ডাঃ ৰনদীপ গুলেৰিয়া, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিজে ৰাও, আই আই টি মাদ্ৰাছৰ অধ্যাপক এমেৰিটছ ৰামমূৰ্তি কে, পিপল ষ্ট্ৰঙৰ সহ-প্ৰতিষ্ঠাপক পংকজ বংসাল আৰু আই আই টি দিল্লীৰ অধ্যাপক আদিত্য মিত্তলক অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব গোবিন্দ জয়ছৱালক সদস্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিখনে দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কয় যে এই সমিতিৰ উদ্দেশ্য হৈছে এন টি এৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ আৰু কেলেংকাৰিমুক্ত পৰিচালনাৰ বাবে পৰামৰ্শ দিয়া। ইয়াৰ বাবে ই পৰীক্ষা প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা শেষলৈকে বিশ্লেষণ কৰি ব্যৱস্থাটো উন্নত কৰাৰ পৰামৰ্শ দিব যাতে যিকোনো সম্ভাৱ্য আসোঁৱাহ এৰাই চলিব পৰা যায়।

Comments (0)
Add Comment