ছত্তীশগড়ৰ চুকমা অঞ্চলত পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মাওবাদীয়ে। মাওবাদীয়ে ছিলগাৰ অঞ্চলত স্থাপন কৰা আই ই ডিৰ বিস্ফোৰণৰ ফলত দুজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আন বহু কেইজন জোৱান আহত হৈছে।
লাভ কৰা তথ্য অনুসৰি, তালাচীৰ মাজতে মাওবাদীয়ে আই ই ডি বিস্ফোৰণ কৰিছে। নিৰাপত্তাৰক্ষীৰ বাহনখনক লক্ষ্য কৰি মাওবাদীয়ে আই ই ডি স্থাপন কৰিছিল।
এই চাঞ্চল্যকৰ বিস্ফোৰণৰ পিছতেই নিৰাপত্তা বাহিনীৰ অতিৰিক্ত দল ঘটনাস্থললৈ প্ৰেৰণ কৰি অঞ্চলটোত তালাচী তীব্ৰতৰ কৰি তোলা হৈছে।
ঘটনা সন্দৰ্ভত তথ্য দি এ এছ পি আকাশ ৰাৱে কয় যে বাহনখনত থকা ২০১ নং কোবৰা বেটেলিয়নৰ চালক বিষ্ণু আৰু কনিষ্টবল শৈলেন্দ্ৰ শ্বহীদ হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত লগে লগে উপস্থিত হয় চি আৰ পি এফ আৰু কোব্ৰা বেটেলিয়নৰ দল।
দুয়োজন শ্বহীদ জোৱানৰ মৃতদেহ ঘটনাস্থলৰ পৰা উদ্ধাৰ কৰা হৈছে। বৰ্তমান অঞ্চলটোত অনুসন্ধান চলি আছে।