ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোকৰাঝাৰ চহৰৰ হাথিমাথাত ড্ৰাগছ আসক্ত পুত্ৰই নিজ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে।
জানিবপৰা অনুসৰি, ড্ৰাগছ ল’বলৈ টকা নিদিয়াৰ বাবেই বৃদ্ধা মাতৃক আক্ৰমণ কৰে পদ্যমণি ব্ৰহ্ম নামৰ পাষণ্ড পুত্ৰজনে।
পুত্ৰ পদ্যমণি ব্ৰহ্মৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লোৱা বৃদ্ধা মাতৃগৰাকী পাৰ্বতী ব্রহ্ম (৭৫) বুলি চিনাক্ত কৰা হৈছে।
এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতেই পদ্যমণি ব্ৰহ্মক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে।
আটকাধীন ড্ৰাগছ আসক্ত পদ্যমণিয়ে ইয়াৰ পূৰ্বেও পৰিয়ালৰ আন লোকৰ সৈতে বিভিন্ন শাৰিৰীক অত্যাচাৰ চলাই অহাৰ অভিযোগ আছে।
সোমবাৰে নিশাও এনেদৰে মাৰপিট-আক্ৰমণ কৰোতেই কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃয়ে। ড্ৰাগছ আসক্ত পুত্ৰই টি-টেবুলৰে মাকক কৰিছিল আক্ৰমণ।
মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবেই ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় পাৰ্বতী ব্ৰহ্মই।
ড্ৰাগছ আসক্ত পুত্ৰৰ আক্ৰমণত মাতৃৰ প্ৰাণ যোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ লগতে স্থানীয় লোকসকলে ড্ৰাগছ সৰবৰাহকাৰী তথা যোগানকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে।
কোকৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে জিলাখনত অবাধ হাৰত বৃদ্ধি পোৱা নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন ৰোধত ব্যৰ্থ হোৱাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, কোকৰাঝাৰত যোৱা ২৩ জুন অৰ্থাত দেওবাৰে মদৰ নিচাতেই সংঘটিত হৈছিল এটা নৃশংস হত্যাকাণ্ড। মদৰ ৰাগীত এজন বন্ধুৱে নিজৰেই বন্ধুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।