টি-২০ বিশ্বকাপৰ দ্বিতীয়খন মেচৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। প্ৰতিশোধৰ মানসিকতাৰে আজি হাইভল্টেজ মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে খেপথাৰত নামিব ৰোহিত বাহিনী।
উল্লেখ্য যে, ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত। আজি সেই পৰাজয়ৰ পোতক তুলিবলৈ আপ্ৰাণ চেষ্টা চলাব ভাৰতে।
আজিৰ মেচখনত ভাৰতে সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্লেয়িং ইলেভেনৰ সৈতে খেলপথাৰত নামিব। দলত কুলদীপ যাদৱৰ ভূমিকা হ’ব অতি গুৰুত্বপূৰ্ণ।
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ আজিৰ মেচখন গায়ানাত অনুষ্ঠিত হ’ব। ছুপাৰ-৮ৰ অন্তিমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলা ৰোহিত শৰ্মাই আজিও বেটিং বিক্ৰম দেখুওৱাব বুলি গভীৰ আত্মবিশ্বাসী হৈ আছে ক্ৰিকেট অনুৰাগী।
অৱশ্যে এইবাৰ নতুন ৰূপত অপেনাৰ হিচাপে আত্মপ্ৰকাশ কৰা বিৰাট কোহলীৰ দুৰ্বল প্ৰদৰ্শনে কিছু চিন্তাত ৰাখিছে দলীয় মেনেজমেণ্টক। কিন্তু চলিত টি-২০ বিশ্বকাপত এই পৰ্যন্ত মিডল অৰ্ডাৰৰ বেটছমেনসকলে দেখুওৱা প্ৰদৰ্শনে কিছু সকাহ দিছে ৰোহিত বাহিনীক।
ভাৰত-ইংলেণ্ডৰ সম্ভাৱিত মূল একাদশ
ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ত, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, জশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ।
ইংলেণ্ড : ফিল ছল্ট, জছ বাটলাৰ (অধিনায়ক), জনী বেয়াৰষ্টো, হেৰী ব্ৰুক, মঈন আলী, লিয়াম লিভিংষ্টন, ছেম কাৰেন, ক্ৰিছ জৰ্ডান, জোফ্ৰা আৰ্চাৰ, ৰীছ টপলি, আদিল ৰাছিদ।