সকাহ! ৫ মাহৰ মূৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰংগন মুখাৰ্জীয়ে শুকুৰবাৰে ভূমি কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হেমন্ত চোৰেনৰ জামিন মঞ্জুৰ কৰে।

২০২৪ চনৰ ৩১ জানুৱাৰীৰ নিশা প্ৰৱৰ্তন সঞ্চালকালয়ে জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছৰে পৰা প্ৰায় ৫ মাহ জেইলত আছিল হেমন্ত চোৰেণ।

উল্লেখ্য যে, ৰাঁচীৰ বেডগেইন অঞ্চলত ৮.৮৬ একৰ ভূমিৰ কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত চোৰেনক। ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা হেমন্ত চোৰেনে পিএমএলএ আদালতৰ পৰা উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো জামিন বিচাৰি আবেদন কৰিছিল। কিন্তু তেওঁৰ জামিন আবেদন বাৰে বাৰে নাকচ কৰা হৈছিল।

অৱশেষত প্ৰায় ৫ মাহ ৰাঁচীৰ বিৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ পিছত আজি তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিলে।

Comments (0)
Add Comment