ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; বাছ চালকৰ টোপনিৰ বাবেই ১৩ জনে হেৰুৱালে প্ৰাণ

কৰ্ণাটকৰ হাভেৰি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িওৱা এখন মিনি বাছে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন লৰিক খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে মৃত্যুক সাৱটি লোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।

জিলাখনৰ ব্যাদাগীৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাছখনত থকা ১৭ গৰাকী যাত্ৰীৰ ১৩ জনৰেই মৃত্যু হয়।

এগৰাকী বিষয়াই জনোৱা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ১১ জন যাত্ৰীৰ থিতাতেই মৃত্যু হোৱাৰ বিপৰীতে আন দুগৰাকী যাত্ৰীয়ে হাস্পতালত মৃত্যুক সাৱটি লয়। মৃতসকলৰ ভিতৰত আছে দুটি শিশু।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা চাৰিজনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক আৰু তেওঁলোক দুয়োকে আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ প্ৰাথমিক তদন্তত বাছ চালকজনৰ টোপনি অহাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Comments (0)
Add Comment