দিল্লীৰ বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে হঠাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰে।
এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ সবিশেষ বুজ ল’বলৈ বিমানবন্দৰ কৰ্তৃপক্ষই ঘটনাস্থলত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।
অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা মতে, ঘৰুৱা বিমান চলাচল কৰা টাৰ্মিনেল ১ৰ পৰা সকলো যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
মন্ত্ৰালয়ে এক্সৰ জৰিয়তে এটা পোষ্টত প্ৰকাশ কৰিছে যে আজি পুৱা ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চাদ ভাঙি পৰে। ফলত পৰৱৰ্তী জাননী নিদিয়ালৈকে টাৰ্মিনেল ১ লৈ অহা-যোৱা কৰা বিমান সেৱা বন্ধ হৈ পৰিছে। বিমান সেৱা সুচাৰুৰূপে চলাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।