ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ। বানত এতিয়াও ককবকাই আছে বহুতো অঞ্চল

ৰাজ্যত প্ৰচণ্ড বৰষুণ, প্লাবিত হৈ পৰিছে কেইবাখনো জিলা। এফালে ধাৰাসাৰ বৰষুণ আনফালে ব্রহ্মপুত্র আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যাই দেখা দিছে, ভাঙিছে এটাৰ পিছত আন এটা মথাউৰি । বিভিন্ন ঠাইত হোৱা খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে । প্ৰত্যেক বছৰে হোৱা বানপানীৰ ফলত নৈপৰীয়াৰ খহনীয়া, খেতিয়কসকলৰ শ শ বিঘা কৃষিভূমি আৰু ৰাস্তা পানীৰ তলত আৰু ধন-জন-জীৱনৰ বিস্তৰ ক্ষতিসাধন হয়। এতিয়া মূৰে-কঁপালে হাত দিছে কৃষকসকলে। খেতি কৰিবলৈ পথাৰ আছে কিন্তু পানীৰ তলত।

ঠায়ে ঠায়ে গৰাখহনীয়া

https://fb.watch/t13kZXFCDg

জিলাই জিলাই সতৰ্কতা বতৰ বিজ্ঞান কেন্দ্ৰৰ । কেইবাখনো জিলাত ৰেড এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ।
বঙাইগাঁও, গোৱালপাৰা, কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়া, নলবাৰীত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ । কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা, নগাঁও, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি।
কামৰূপ গ্ৰাম্য, মৰিগাঁও, বজালী, দৰং, কামৰূপ মেট্ৰো, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, চৰাইদেউ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰতো বৰষুণ হোৱাৰ সম্ভাৱনা।

ধেমাজি

https://fb.watch/t16bHuerq1/
ধেমাজিলৈ তীব্ৰ ভাবুকি আনিছে মৰিঢল-চিচি মথাউৰিৰ খহনীয়াই । অৰুণাচলৰ পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িবলৈ ধৰিছে ৰাই নৈ,গাই নৈ, কানি নৈৰ জলপৃষ্ঠ। এফালে ধেমাজি গোহাঁই গাঁৱৰ খহনীয়া অংশ ৰোধিবলৈ ব্যস্ত হৈ পৰিছে ধেমাজি জলসম্পদ বিভাগ ৷ যদিও জল সম্পদ বিভাগৰ কৰ্মকাণ্ডক ক্ষুন্ন স্থানীয় জনতা। কিয়নো মথাউৰি চিঙিলে ধেমাজি সদৰৰ বহু অঞ্চল প্লাৱিত হোৱাৰ আশংকাত ভুগিছে জনতা ৷

বৰপেটাৰোড

https://fb.watch/t13bBE7Tc-/

প্ৰায় এমাহ ধৰি জলমগ্ন হৈ পৰিছে বৰপেটাৰোডৰ ৬নং আৰু ৮নং ৱাৰ্ডৰ মিলন নগৰ আৰু জ্যোতি নগৰ মুখ্য পথটো, লগতে কৃত্ৰিম বানে প্লাবিত কৰিছে বৰপেটাৰোডৰ কেবাটাও ৱাৰ্ড। চহৰখনৰ নলা-নৰ্দমাৰে পানী ওলাই যাব নোৱাৰাত সৃষ্টি হৈছে এই কৃত্ৰিম বানপানীৰ। বহুকেইটা ঘৰৰ চোতালত একাঠু পানী।

পথসমূহত কৈ নলা ওখ হোৱাৰ লগতে নলাৰ পানী বাহিৰলৈ ওলাই যাব নোৱাৰাত দীৰ্ঘদিন ধৰি জলমগ্ন হৈ আছে পথটোৰ লগতে ৱাৰ্ড। সেয়েহে প্ৰতিদিনেই দুৰ্ঘটনা হয় যান-বাহনৰ। অন কেমেৰা পথৰ মাজতে বাগৰি পৰিল তিনিচকীয়া বাহন । উক্ত পথটোৰে দৈনিক যাতায়ত কৰে কেবাখনো স্কুল,কলেজৰ ছাত্ৰ-ছাত্ৰী। সেয়েহে অতি সোনকালে নলা নিৰ্মাণ কৰি জমা হোৱা পানী উলিয়াই নিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় ভুক্তভোগী ৰাইজৰ।

দেৰগাঁও

https://fb.watch/t13aCTwL_t/

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে দেৰগাঁৱৰ বৃহত্তৰ চৰাইচাপৰি অঞ্চল। নিশাৰ পৰাই অব্যাহত হৈ আছে নেৰানেপেৰা বৰষুণ যাৰ ফলত বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । এতিয়া বাঢ়ি অহা জলপৃষ্ঠ দেখি চিন্তিত হৈ পৰিছে ৰাইজ।
হঠাৎ বাঢ়ি অহা পানীয়ে চৰাইচাপৰিৰ এখন বৃহৎ বইলাৰ মুৰ্গীৰ ফাৰ্ম সম্পূৰ্ণৰূপে নিশেষ কৰি পেলাইছে । মুৰ্গী ফাৰ্মৰ ভিতৰত একাঠু পৰ্যন্ত পানী, যাৰ ফলত মৃত্যু মুখত পৰিল বৃহৎ পৰিমানৰ ব্ৰইলাৰ মুৰ্গী। বৰষুণ এনেদৰেই অব্যাহত থাকিলে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বহুকেইখন গাঁও জলমগ্ন হোৱাৰ সম্ভাৱনা। এতিয়ালৈ বহু পৰিয়ালৰ ঘৰ, বাট-পথ জলমগ্ন হৈ পৰিছে।

গোগামুখ

https://fb.watch/t16yae6V1f/
ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খৰস্ৰোতা জীয়াধল‌ৰ বানে । ধেমাজিত জীয়াধল, গাই নৈ, ননৈ, চিমেন, দিখাৰী আদি নৈৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, কেৱল এয়াই নহয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজুগাঁৱত বিপদসীমাৰ ওপৰেৰে বাগৰিছে পানী। ইয়াৰোপৰি গোগামুখ-ঘিলমৰা সংযোগী ৰাজ্যিক পথৰ ওপৰতো বাগৰিল পানী। সমান্তৰালকৈ জীয়াধল-ননৈ-চামপৰা পানীয়ে বিধ্বস্ত কৰিলে ১০ খনতকৈ অধিক গাঁও আৰু বহু খেতি-পথাৰ। প্ৰশাসনে সাময়িকভাৱে পথচোৱাত বন্ধ কৰি দিছে যাতায়ত ব্যৱস্থা। কিয়নো নেৰা-নেপেৰা বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ পাহাৰত হোৱা বৰষুণে উফন্দাই তুলিছে নৈ-উপনৈ।

গোলকগঞ্জ

facebook.com/388552037538883

গোলকগঞ্জৰ লোহাজানীত গৰাখহনীয়াৰ কালৰূপ। ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত লোহাজানী গাঁৱত গংগাধৰ নৈৰ সংহাৰী ৰূপ। জানিব পৰা মতে শ শ পৰিয়াল গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গংগাধৰ নৈত ইতিমধ্যে বিলীন হৈছে। অভিযোগ মতে, ইয়াৰ পূৰ্বে পাৰকুপাইনৰ বাবে চৰকাৰে কেইবালক্ষ্যাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমলা বিষয়াৰ ময়মতালিৰ ফলত হয়তো কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পাছতো বিভাগীয় মন্ত্ৰী-বিধায়কৰ লগতে আমলা বিষয়াৰ নাই কাণসাৰ।

টীয়ক

https://fb.watch/t13el8Ah6N/

facebook.com/345026271964809

বানত ছিগিল যোৰহাটৰ ৰঙাজান আৰু বাঘজান সমন্বিত শ্লুইছ গেট । যোৰহাট জিলাৰ ৰঙাজান আৰু বাঘজান সমন্বিত শ্লুইছ গেটৰ প্লেন চিত ভঙাৰ ফলত এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিমিষতে প্লাৱিত জাঁজীমুখ পাৰঘাটৰ বিস্তীর্ণ অঞ্চল । ব্ৰহ্মপুত্ৰৰ বিপদ সীমাৰ ওপৰেৰে বাগৰিছে পানী, জাঁজীমুখৰ কেইবাটাও পথ আৰু বেজৰছিগাকে ধৰি কেইবাখনো গাঁও এতিয়া পানীৰ তলত ।
নিমাতীৰ লগতে টীয়কৰ কেইবাটাও অঞ্চলত বানে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা । জলসিঞ্চন বিভাগে নিৰ্মাণ কৰা এই শ্লুইছ গেট বন্ধ কৰিব নোৱাৰিলে ভয়ংকৰ ৰূপ ল’ব এই বানপানীয়ে ।

মাৰ্ঘেৰিটা

https://fb.watch/t139c2V0tw

নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নদ-নদীসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাৰ পৌৰ সভাৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত দিহিং পৰীয়া অঞ্চলৰ এতিয়া বানপানী কবলত ।
উজনি আৰু নামনি দিহীং পৰিয়া অঞ্চলটোত বসবাস কৰা প্ৰায় ৬৪ টা পৰিয়াল বানত আক্ৰান্ত হৈছে। ঘৰৰ ভিতৰলৈকে বাঢ়নী পানীয়ে প্ৰৱেশ কৰিছে। বানত এতিয়াও ককবকাই আছে বহুটো পৰিয়াল।
মাৰ্ঘেৰিটা পৌৰ সভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা আৰু মাৰ্ঘেৰিটা মহকুমা সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে নিজে অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে। ইতিমধ্যে বানপীড়িত লোকৰ বাবে মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয়ৰ ওপৰিও আন কেইবাটাও ঠাইত শিবিৰ স্থাপন কৰা হৈছে।

শিৱসাগৰ

https://fb.watch/t13g1rdoxh

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত স’ৰাগুৰিৰ বিস্তৃন্ন অঞ্চল। বানত বুৰ গ’ল ঐতিহাসিক স’ৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহ। দৰগাহৰ চৌহদৰ ভিতৰত থকা মাঝাৰৰ বাহিৰে সকলো এতিয়া পানীৰ তলত ৷ দৰগাহৰ চৌহদত বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ ৷

বৃদ্ধি পাই অহা প্ৰলয়ংকাৰী বানৰ গ্ৰাহত বৃহত্তৰ সৰাগুৰি অঞ্চল ৷ সৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহলৈ যোৱা মূল সংযোগী পথ বানৰ কৱলত ৷ যাৰ ফলত উক্ত পথেদি সকলো যাতায়ত ব্যাহত কৰা হৈছে ৷ অঞ্চলটোৰ বহু সংখ্যক পৰিয়ালৰ বাসগৃহত সোমাইছে পানী ৷ যাৰ বাবে গৰু-ছাগলীৰ গৰিয়াজানে দলঙৰ ওপৰতে আশ্ৰয় লৈছে ৷

আমগুৰি

http://facebook.com/1584400249085483
আমগুৰিৰ দিখৌমুখত বানপানী। বুৰ গৈছে অঞ্চলটোত পাঁচখনকৈ গাঁও । জনমিৰি বৰ গাঁও, ৰূপহীমুখ, ১ নং আলি মুৰ, ২নং আলিমুৰ, পুৰণি গুডাম এতিয়া পানীৰ তলত। নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ শিৱসাগৰৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্ৰায় কুৰিটা পৰিয়াল বানপানীত বুৰ গৈছে, যাৰ বাবে এতিয়া পৰিয়াল কেইটাৰ মাজত আহুকালৰ সৃষ্টি হৈছে।

ঢকুৱাখনা

https://fb.watch/t13qgU5jwj/
কেইবাদিনো ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদী ৷ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ঢকুৱাখনা চিচি টেকেলিফুটা মথাউৰি বাহিৰৰ বহুকেইখন গাঁও ৷

বানত প্লাৱিত হৈছে মথাউৰিটোৰ বাহিৰৰ বাঘচুক, বান্দেনা, মদাৰগুৰি, যোগীসূঁতি, লুতাচুৰ, তুৰিবাৰী আদি গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ কৃষিভূমি ৷ শতাধিক পৰিয়ালে নিজ আপোন ঘৰখন এৰি অন্য ঠাইলৈ ঢাপলি মেলিছে। অভাৱনীয় হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। ইয়াৰোপৰি এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত চিচি-টেকেলীফুটা মথাউৰিৰ ওপৰতে পশুধনৰ সৈতে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ।

মাজুলী

https://fb.watch/t13jNd9GUv

ভয়ংকৰ বনৰ কবলত পৰিছে মাজুলী। বানত বুৰিল মাজুলীৰ নৈপৰীয়া প্ৰায়সমূহ গাঁও, ঘৰৰ ভিতৰত এককাল, এবুকু পৰ্যন্ত পানী । নিমাতী মাজুলী ফেৰী সেৱা বন্ধ কৰিছে প্ৰশাসনে । বিপদ সীমাৰ ২মিটাৰ ওপৰেৰে বৈছে পানী । নিশাৰ ভিতৰত বানৰ বুৰ গল ইখনৰ পিছত সিখন গাঁও। মাজুলী, শালমৰা, যোগীগাঁও, কলনিবাৰী, মেৰাগড়, গেজিঙ, চিনাতলি, দক্ষিণপাট কৈৱৰ্ত, অফলামুখ, দক্ষিণপাট পুৰণি সত্ৰ, দক্ষিণপাট কুমাৰ গাঁও আদিৰ লগতে উজনি নামনি মাজুলী প্ৰায়সমূহ গাঁও জলমগ্ন। বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা।

Comments (0)
Add Comment