ৰাজ্যত আৰু ভয়াবহ হ’ব বান পৰিস্থিতি!

বৰ্তমানেও ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি।বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ।শিশু,বৃদ্ধ সহ প্ৰাণ গ’ল বহুজনৰ।পশুধন,শস্যৰো বিস্তৰ ক্ষতি সাধন।তাৰ মাজতে পুনৰ  ৰাজ্যত বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা।আগন্তুক ২৪ ঘণ্টাত অসম তথা মেঘালয়ত প্ৰবল বৃষ্টিপাতৰ আগজাননী।১২ জুলাই পৰ্যন্ত অসমত বৰষুণৰ সৰ্তকবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ।ইতিমধ্যে দ্বিতীয়টো বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৰ্ণনীয় পৰিস্থিতি ।ৰাজ্যখনৰ বহুকেইটা প্ৰান্তৰ মথাউৰি ছিগাৰ ফলত চৰম হাৰাশাস্তি ভুগিলে ৰাইজে।নৈপৰীয়া ৰাইজৰ অৱস্থা দেখিলেই দুখ লগা পৰিস্থিতি।ৰাজ্যখনৰ কেইবাপ্ৰান্ততো এতিয়াও বানাক্ৰান্ত ৰাইজৰ দিনে নিশাই শান্তি নোহোৱা অৱস্থা।ক্ষোভিত হৈ পৰিছে ৰাইজ।অভিযোগ যে নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ বহুতো আহে,বানপানীৰ সমস্যা সমাধান নকৰে।বছৰ বছৰ ধৰি জুৰুলা হৈ আহিছে বিভিন্ন প্ৰান্তৰ লোক। তাৰ মাজতে পুনৰ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সৰ্তকবাণীক লৈ চিন্তিত হৈছে নৈপৰীয়া ৰাইজ।

Comments (0)
Add Comment