বাছৰ সৈতে গাখীৰভৰ্তি টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ১৮ গৰাকী বাছযাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ উন্নাৱৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ দুৰ্ঘটনা। মৃতসকলৰ ভিতৰত ১৪ জন পুৰুষ, ৩ গৰাকী মহিলা আৰু এটি শিশু আছে। এই দুৰ্ঘটনাত ৩০ জনতকৈ অধিক লোক আহত হৈছে। দুৰ্ঘটনাৰ পিছতেই ৰাজপথত বাগৰি পৰে দুখলপীয়া বাছখন। বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ থকা অৱস্থাতে বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। অভাৰটেক কৰিবলৈ গৈ বাছখনত খুন্দা মাৰে টেংকাৰখনে। দুৰ্ঘটনাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোকপ্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।