আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সজাগতা সভা।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ও মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সহযোগত আজি ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি আজি মৈৰাবাৰী প্ৰেছ ক্লাব প্রেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।মাতৃ আৰু শিশুৰ সুস্থতাৰ বাবে গৰ্ভধাৰণৰ সঠিক বয়স,পৰিয়াল পৰিকল্পনাৰ অস্থায়ী পদ্ধতি,পৰিয়াল পৰিকল্পনা স্থায়ী পদ্ধতিসমূহৰ বিষয়ে উপস্থিত আশা কৰ্মী আৰু নৱ বিবাহিত মহিলা আৰু অন্যান্য মহিলা সকলৰ আগত বিতংকৈ আলোচনা কৰা হয়।

আজিৰ সজাগতা সভাত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডক্টৰ তপন কুমাৰ শইকীয়া,মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক সঞ্জয় কুমাৰ পাটৰ,জিলা প্ৰচাৰ বিশেষজ্ঞ স্বপ্নালি দত্ত,জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক বাহাৰুল উলুম চৌধুৰী,মৈৰাবাৰী প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক নছিদূৰ ৰহমানকে আদি কৰি অন্যান্য ব্যক্তি সকল।

মৈৰাবাৰীৰ পৰা খালিদ আহমেদ, ঈশান নিউজ ।

Comments (0)
Add Comment