নাজিৰাত চৰকাৰী যোগান বিভাগৰ  সুলভ মূল্যৰ বিপনীৰ (কন্ট্ৰ’ল ) এজেন্টৰ সংবাদমেল সম্বোধন।‌

নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আওঁতাত অহা ৭ খন‌ সমবায়ৰ অধীনত সৰ্বমুঠ ৩৫৩খন বিপনীয়ে নাজিৰা, শিমলুগুৰি,লাকুৱা, গেলেকী,নামতি,নমাটি, গড়গাঁও,চূণপোৰাকে আদি কৰি সমগ্ৰ অঞ্চলৰ ৰাইজক সামগ্ৰী আদায় দি আহিছে।

কিন্তু, অতি দুখৰ বিষয় যে নিয়মীয়াকৈ ৰেচন কাৰ্ডৰ যোগেদি সাধাৰণ জনতাৰ ক্ষুধা‌ নিবাৰণ কৰি অহা এই কন্ট্ৰ’লৰ এজেন্ট সকলে এতিয়া নিজ নিজ পৰিয়ালৰ ক্ষুধা নিবাৰণ কৰিবলৈ অপাৰগ হৈছে। কাৰণ চৰকাৰে তেওঁলোকৰ সেৱাৰ বিনিময়ত পাবলগীয়া পাৰিশ্ৰমিক যোৱা ৪০ মাহ ধৰি আৱদ্ধ কৰি ৰাখিছে। আনহাতে বস্তাৰ ওজন বিয়োগ নকৰাকে আদি কৰি বিভিন্ন ধৰণৰ কাৰণত চাউল ওজনত কম ওলোৱাত তেওঁলোক সমস্যাৰ সন্মুখীন হৈ আহিছে।

তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে চলিত মাহৰ পোন্ধৰ তাৰিখৰ পৰা গুৱাহাটী লাষ্ট গেটত তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লোৱাৰ কথা সংবাদমেল যোগে অৱগত কৰে।

নাজিৰাৰ পৰা বিশ্বজিৎ দত্ত ঈশান নিউজ

Comments (0)
Add Comment