আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনা দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।শনিবাৰে নিশা পেনেছিলভেনিয়াৰ বাটলাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাষণ দি থকা অৱস্থাতে ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলাইছিল গুলী। তৎক্ষণাৎ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি নিৰাপদ স্থানলৈ লৈ যায় আৰু কোনোমতে প্ৰাণৰক্ষা পৰে ট্ৰাম্পৰ। সুৰক্ষাকৰ্মীয়ে দুৰ্বৃত্তলৈ চলোৱা গুলীত আক্ৰমণকাৰী নিহত হয়। ৰেলীলৈ অহা দৰ্শকৰ ভিতৰত গুলীচালনাত প্ৰাণ গ’ল এজনৰ আৰু আনজন আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত বুলি জানিব পৰা যায় । ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত FBIৰ।আক্ৰমণক লৈ
টুইটযোগে নিন্দা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
‘প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মোৰ বন্ধুৰ ওপৰত হোৱা আক্ৰমণৰ বাবে গভীৰভাৱে চিন্তিত। ঘটনাটোক তীব্ৰ গৰিহণা দিছো। ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা মৃতকৰ পৰিয়াল, আহত আৰু আমেৰিকান লোকসকলৰ প্ৰতি’
ঘটনা সন্দৰ্ভত জ’ বাইডেনৰ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ
‘পেনেছিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা গুলীচালনাৰ বিষয়ে মোক জনোৱা হৈছে।মই এই কথা শুনি কৃতজ্ঞ যে তেওঁ সুৰক্ষিত আছে আৰু ভাল কৰি আছে । মই তেওঁৰ পৰিয়ালৰ লগতে সভাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা কৰি আছো। তেঁওক সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে গোপন সেৱাৰ ওচৰত জিল আৰু মই কৃতজ্ঞ। আমেৰিকাত এনে ধৰণৰ হিংসাৰ কোনো স্থান নাই। আমি ইয়াক গৰিহণা দিবলৈ এক ৰাষ্ট্ৰ হিচাপে একত্ৰিত হ’ব লাগিব’
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়েও টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
‘পেনেছিলভেনিয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুষ্ঠানত হোৱা গুলীচালনাৰ বিষয়ে মোক অৱগত কৰা হৈছে। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নহয় এই কথা গ’ম পাই সকাহ পাইছো । আমি তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বাবে আৰু এই গুলীচালনাত আঘাতপ্ৰাপ্ত আৰু নিহত হোৱা লোকৰ বাবে প্ৰাৰ্থনা কৰি আছো। আমি তাৎক্ষণিক পদক্ষেপৰ বাবে গোপন সেৱা, প্ৰথম প্ৰতিক্ৰিয়াকাৰী আৰু স্থানীয় কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞ। আমাৰ দেশত এনেধৰণৰ হিংসাৰ কোনো স্থান নাই। আমি সকলোৱে এই ঘৃণনীয় কাৰ্য্যক গৰিহণা দিব লাগিব আৰু ইয়াৰ ফলত অধিক হিংসা ৰখাটো নিশ্চিত কৰিবলৈ আমাৰ ভূমিকা পালন কৰিব লাগিব।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অবামাইয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখে যে-
‘আমাৰ গণতন্ত্ৰত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই। যদিও আমি সঠিকভাৱে নাজানো কি ঘটিছিল, আমি সকলোৱে সকাহ পোৱা উচিত যে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। মিচেল আৰু মই তেওঁক দ্ৰুত আৰোগ্য কামনা কৰিছো।’
CNN ছিক্ৰেট চাৰ্ভিচৰ এক সূত্ৰৰ দ্বাৰা প্ৰকাশ কৰা অনুসৰি গুলীচালনা কৰাজনকো ছিক্ৰেট চাৰ্ভিচে হত্যা কৰাৰ ঘটনা পোৱা গৈছে। জানিবপৰা মতে, আক্ৰমণকাৰীজন ২০ বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি চিনাক্ত কৰা হৈছে। বাটলাৰ ফাৰ্ম শ্ব’গ্ৰাউণ্ডত মঞ্চৰ পৰা ১৩০ গজতকৈও অধিক দূৰত্বত থকা এটা উৎপাদন কাৰখানাৰ চাদত থমাছক দেখাৰ টুইটযোগে এক ফটো ভাইৰেল।