সাৱধান! কলিয়াবৰত এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ISHAN NEWS

https://fb.watch/tj3P3HGjng

কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ। বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক।

কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ। ব্যক্তিজন কলিয়াবৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা বুলি জানিব পৰা গৈছে। আক্ৰান্ত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীত। পৰিয়ালৰ লোকে জনোৱা অনুসৰি- কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল ব্যক্তিজন।

স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যক্তিজন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে,  কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগে কলিয়াবৰৰ ৰাইজক স্বাস্থ্য সচেতন আৰু সজাগতাৰ বাবে অভিযান আৰম্ভ কৰিছে। সোণাৰী গাঁৱত গাঁওবাসীৰ ঔষধযুক্ত আঠুৱাৰ বাবে স্বাস্থ্যকৰ্মীক নিয়োগ কৰিছে। সন্ধিয়া মহ খেদিবৰ বাবে ঔষধযুক্ত ধোঁৱাৰো ব্যৱস্থা কৰে।

বান শিৱিৰত থকা বানাক্ৰান্ত লোকসকলক আঠুৱা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডা০ বীৰেন দেউৰীয়ে।

Comments (0)
Add Comment