ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াৰ কৱলত।
ইতিমধ্যে খহনীয়াৰ কবলত পৰি নৈত বিলীন হৈছে বুঢ়াবুঢ়ীত প্ৰৱেশ কৰা মূল পথ।ইতিহাস প্ৰসিদ্ধ এই ঠাইখনৰ লগত হাজাৰ হাজাৰ ৰাইজৰ আবেগ জড়িত হৈ আছে। কিয়নো পৰম্পৰাগতভাৱে প্ৰতি বছৰে চ’ত মাহৰ শেষৰ দিনা উক্ত স্থানত শিৱ পাৰ্বতীৰ পূজা আৰু মেলা অনুষ্ঠিত হয়। য’ত মুছলমান সম্প্ৰদায়ৰ লোকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায়।আজি যেন সংৰক্ষণৰ অভাৱত বিলীন হোৱাৰ উপক্ৰম হৈছে ঐতিহাসিক থান খন।বহু চৰকাৰ আহিল চৰকাৰ গ’ল কিন্তু কোনো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।
যোৱা এক সপ্তাহ ধৰি গৰাখহনীয়াই বুঢ়াবুঢ়ীত কাল ৰূপ ধাৰণ কৰাত নৈৰ মাজত পৰাৰ উপক্ৰম হৈছে ঠাইখন।সেয়ে সকলোৰে ওপৰত আস্থা হেৰুৱাই মন্দিৰটো আৰু ঐতিহাসিক থান খন ৰক্ষাৰ বাবে বুঢ়াবুঢ়ী মন্দিৰত গাখীৰ পানী আদি অৰ্পন কৰি পূজা অৰ্চনা কৰিছে ভক্ত সকলে।নেদেখাজনে যাতে ঠাই খন ৰক্ষা কৰে।
লক্ষীপুৰৰ পৰা দয়াল দাসৰ ৰিপোৰ্ট