চাকৰিত সংৰক্ষণক কেন্দ্ৰ কৰি ছাত্ৰ বিদ্ৰোহ। ৰাজপথত প্ৰাণ হেৰুৱালে ৬ জনে

চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ছাত্ৰসমাজৰ ভয়ংকৰ প্ৰতিবাদ। হাজাৰ হাজাৰ ছাত্ৰৰ প্ৰতিবাদত কঁপিছে বাংলাদেশ। সংৰক্ষণৰ নীতি প্ৰত্যাহাৰ কৰাৰ দাবীৰে ৰাজপথত নামিছে ছাত্ৰসকল। একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে বিস্ফোৰকেৰে বাছত অগ্নিসংযোগ কৰাৰ লগতে অৱৰোধ কৰিছে ৰাজপথ।আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ইতিমধ্যে ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ১০০ ৰো অধিক প্ৰতিবাদকাৰী। হিসাংত্মক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ ভিন্ন চহৰত বন্ধ কৰি দিয়া হৈছে সকলো স্কুল-কলেজ-মাদ্ৰাছা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশ্ববিদ্যালয়সমূহৰ চৌহদত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। চৰকাৰী চাকৰিত সংৰক্ষণৰ জৰিয়তে মেধাৱী ছাত্ৰসকলৰ ক্ষতি কৰিছে বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে। উল্লেখ্য যে দেশখনত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৪৪ শতাংশ পদতহে মেধাৰ ভিত্তিত নিযুক্তি দিয়া হয়। ইয়াৰ বিপৰীতে ৫৫ শতাংশ পদ সংৰক্ষিত। চৰকাৰী চাকৰিৰ ৩০ শতাংশ স্বাধীনতা সেনানীৰ সন্তানৰ বাবে সংৰক্ষিত কৰি ৰখা হয়। ১০ শতাংশ মহিলাৰ বাবে, ১০ শতাংশ ভিন্ন জিলাৰ প্ৰাৰ্থীৰ বাবে, সংখ্যালঘুৰ বাবে ৬ শতাংশ পদ সংৰক্ষিত কৰি ৰখা হয়।

Comments (0)
Add Comment