মাজ সাগৰত অঘটন। তেল কঢ়িওৱা টেংকাৰ ডুবি সন্ধানহীন ১৩ ভাৰতীয়সহ ১৬ জন লোক। ওমানৰ উপকূলত এই ভয়ংকৰ ঘটনা। তেলৰ টেংকাৰখন য়েমেনৰ বন্দৰ চহৰ এডেনৰ ফালে গৈ থকা সময়তে এই অঘটন। ডুকম বন্দৰৰ ওচৰত ৰাছ মাদ্ৰাকাৰ পৰা দক্ষিণ-পূবত কোমোৰোছ পতাকাযুক্ত তেলৰ টেংকাৰখন ডুবি যায়। জাহাজখনক প্ৰেষ্টিজ ফালকন বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন ২০০৭ চনত নিৰ্মাণ কৰা হৈছিল। এই জাহাজখন ১১৭ মিটাৰ দীঘল। সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে এতিয়ালৈ কোনো এজন লোকৰে তথ্য লাভ কৰা নাই।