উত্তৰাখণ্ডৰ কেদাৰনাথত গৌৰীকুণ্ডত দেওবাৰে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। ভূমিস্খনৰ ফলত ৩গৰাকী ভক্তৰ মৃত্যু হয় আৰু ৮গৰাকীকৈ ভক্ত আহত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত NDRF, SDRF, DDR দলকে ধৰি স্থানীয় প্ৰশাসন উপস্থিত হয়। ঘটনাস্থলীলৈ তৎকালীনভাৱে জৰুৰীকালীন সেৱাসমূহ প্ৰেৰণ কৰে প্ৰশাসনে । SDRFৰ দলটোৱে সেই স্থানত উপস্থিত হৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৮জন আহতক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।
গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ দৰ্শন কৰিবলৈ গৈ আছিল ভক্তকেইজন। বাৰিষা হোৱা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা ঘটা বুলি সন্দেহ।
কেদাৰনাথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী Pushkar Singh Dhamiয়ে । Tweet যোগে তেওঁ প্ৰকাশ কৰে যে-
‘ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে, এই সন্দৰ্ভত মই কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছো। দুৰ্ঘটনাটোত আহত লোকসকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ভগৱানে বিদেহীসকলৰ আত্মাক শান্তি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক’ ।