UPৰ বুলন্দ চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ চেলেমপুৰ থানা এলেকাত বাছ আৰু পিকআপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষত ১০ জন লোকে প্ৰাণ হেৰুওৱাই । এই ভয়ংকৰ দুৰ্ঘটনাত ৩৭ গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। বুলন্দ চহৰৰ আয়ুক্ত চি পি সিঙে সদৰী কৰে এই তথ্য। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাঁওবাসীৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
জানিবপৰা মতে, গাজিয়াবাদৰ এটা ব্ৰেড কোম্পানীত কৰ্মৰত শ্ৰমিক আছিল পিকআপ ভেনখনত। ৰাক্ষীবন্ধন উৎসৱ উদযাপন কৰাৰ উদ্দেশ্যে পিকআপ ভেনখনত গাজিয়াবাদৰ পৰা আলিগড় জিলাৰ আতৌলি তহচিলৰ গাঁও ৰায়পুৰ অভিমুখে গৈ আছিল শ্ৰমিকসকল। চেলেমপুৰ থানাৰ সমীপত এখন দ্ৰুতবেগী বাছে পিকআপ ভেনখনত খুন্দা মাৰে।
ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আহত, নিহতৰ আত্মীয়ৰ লগতে স্থানীয় লোক। দুৰ্ঘটনাৰ পাছতেই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । ৰাইজৰ প্ৰতিবাদৰ ফলত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। আৰক্ষীৰ উপস্থিতিৰ পাছতহে মুকলি কৰা হয় পথটো।